পুৰীত জগন্নাথ ৰথযাত্ৰাত পদপিষ্ট হৈ আহত ৫৮১ জন...

পুৰীৰ ৰথ যাত্ৰাত বিপুল জনসমাগমৰ ফলত সংঘটিত হৈছে পদপিষ্টৰ ঘটনা। এই ঘটনাৰ ফলত প্ৰায় ৫৮১ গৰাকী লোক আহত হৈছে। আহতসকলৰ ভিতৰত কমেও ৮ জনৰ অৱস্থা সংকটজনক।

author-image
Asomiya Pratidin
New Update
c4f9538f-5cdc-4ea3-85cf-ca4e03f3aea0

ডিজিটেল ডেস্কঃ পুৰীৰ ৰথ যাত্ৰাত বিপুল জনসমাগমৰ ফলত সংঘটিত হৈছে পদপিষ্টৰ ঘটনা। এই ঘটনাৰ ফলত প্ৰায় ৫৮১ গৰাকী লোক আহত হৈছে। আহতসকলৰ ভিতৰত কমেও ৮ জনৰ অৱস্থা সংকটজনক। তেওঁলোকক সম্প্ৰতি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে, জগন্নাথ, বলাৰাম আৰু সুভদ্ৰাৰ ৰথ ওলাই অহাৰ আগতেই ৰাজপথত লাখ লাখ লোক সমবেত হৈছিল।

Advertisment

ৰথৰ ৰছী স্পৰ্শ কৰিবলৈ হাজাৰ হাজাৰ লোক সেই ঠাইত গোট খায়। ঘটনাস্থলীৰ পৰা ডেৰ-দুই কিলোমিটাৰ দূৰত্বত থকা গুণ্ডিচা মন্দিৰৰ ফালে টানি অনা হৈছিল ৰথখন। তেতিয়াই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়। ৰাইজৰ হেঁচাত ৫৮১ গৰাকী তীৰ্থযাত্ৰী আহত হয়। আহত ৫৮১ জনৰ ভিতৰত ১৭৩ জনক এইচডিইউত ভৰ্তি কৰা হৈছে। ৬৮ জনক অ’পিডিত ভৰ্তি কৰা হৈছে।

পুৰীৰ ৰথ যাত্ৰা