পুৰণিগুদামত সাহিত্যিক ৰঞ্জু হাজৰিকাক সম্বৰ্ধনা

পুৰণিগুদামৰ কবি সন্মিলনৰ সভাপতিৰ নবীন কলিতাই ৰচনা কৰা ব্ৰিটিছ বিষয়াৰ মুৰত আঘাট কৰা স্বাধীনতা সংগ্ৰামী 'বীৰ তাপুক কৈৱৰ্ত' শীৰ্ষক জীৱনী গ্ৰন্থ এখন ৰঞ্জু হাজৰিকাই উন্মোচন কৰে।

author-image
Asomiya Pratidin
New Update
vcvcv

ডিজিটেল সংবাদ,পুৰণিগুদাম: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ পুৰণিগুদাম আঞ্চলিক সমিতিৰ ব্যৱস্থাপনাত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট সাহিত্যিক, ২০২৪ চনৰ শিশু সাহিত্য অকাডেমি বঁটা প্ৰাপক ৰঞ্জু হাজৰিকাক আজি আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায়। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিৰ উপ সভাপতি চন্দন ফুকন আৰু যুটীয়া সম্পাদক দিব্যজিত বৰাই আঁত ধৰা অনুষ্ঠানটোত কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি শোভাবৰ্ধন কৰে।

Advertisment

অনুষ্ঠানত এখন চেলেং চাদৰ, বিহুৱান গামোচা, এটা স্মাৰক, জাপি আদিৰ লগতে এখন সম্বৰ্ধনা পত্ৰৰে সাহিত্যিক হাজৰিকাক সম্বৰ্ধনা জনোৱা হয়। লগতে পুৰণিগুদাম কবি সন্মিলনৰ তৰফৰ পৰাও এখন গামোচাৰে আদৰণি জনাই সভাপতি নবীন কলিতাই। অনুষ্ঠানটিৰ আৰম্ভণিতে কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি প্ৰফুল বৰাই ড° ভূপেন হাজৰিকাৰ এটি চিৰযুগমীয়া গীত পৰিৱেশন কৰে।

এক চমু বক্তব্যত ৰঞ্জু হাজৰিকাই কয়, তেওঁ অসুস্থতাৰ বাবে কিছু সময়হে দিব পাৰিম বুলি কোৱা স্বত্বেও আজি ইমান ডাঙৰ অনুষ্ঠান আয়োজন কৰাৰ বাবে আয়োজক সমিতিৰ শলাগ লয়। অসুস্থ দেহাৰে উপস্থিত হবলৈ পাই অতিশয় আনন্দিত। লগতে তেখেতৰ প্ৰতি দেখুওৱা আন্তৰিকতা, আগ্ৰহ, মৰমে তেওঁক অধিক উৎসাহিত আৰু প্ৰেৰণা যোগাব। আয়োজক পুৰণিগুদাম আঞ্চলিক যুৱ-ছাত্ৰ পৰিষদ আৰু উপস্থিত সকলোৰে ওচৰত কৃতজ্ঞ হৈ থাকিব বুলিও ৰঞ্জু হাজৰিকাই উল্লেখ কৰে।

এই অনুষ্ঠানতে পুৰণিগুদামৰ কবি সন্মিলনৰ সভাপতিৰ নবীন কলিতাই ৰচনা কৰা ব্ৰিটিছ বিষয়াৰ মুৰত আঘাট কৰা স্বাধীনতা সংগ্ৰামী 'বীৰ তাপুক কৈৱৰ্ত' শীৰ্ষক জীৱনী গ্ৰন্থ এখন ৰঞ্জু হাজৰিকাই উন্মোচন কৰে। অনুষ্ঠানটোত পুৰণিগুদামৰ সাহিত্যিক পেঞ্চনাৰ ফণীন্দ্ৰ নাথ গায়ন, পুৰণিগুদাম কবি সন্মিলনৰ সভাপতি নবীন কলিতা, সম্পাদক হিৰণ্য কুমাৰ শৰ্মা, কাৰ্যকৰী সভাপতি প্ৰফুল্ল বৰা, বিপুল মজিন্দাৰ, জ্যোতিৰ্ময় গোস্বামী, প্ৰবীণ বৈৰাগী , 

লগতে শিশুবন্ধু দুলাল বৰা,যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ বিষয়ববীয়া অজয়জ্যোতি বৰুৱা প্ৰমুখ্যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ পুৰণিগুদাম আঞ্চলিক সমিতিৰ সভাপতি প্ৰাণকৃষ্ণ ডেকা, জাতীয় মহিলা পৰিষদ নগাঁও জিলাৰ সম্পাদিকা অনুৰাধা গোহাঁই, ইলোৰা বিজ্ঞান মঞ্চৰ পুৰণিগুদাম শাখাৰ সভাপতি অনিল বৈৰাগী, ইবাদত হুছেইন, নগাঁও জিলা সাহিত্য সভাৰ যুৱ পৰিষদৰ সভাপতি কবিন পাটৰ, সীমা দেৱী, নিভাৰাণী শইকীয়া আদি লোকসকলো উপস্থিত থাকে।

ৰঞ্জু হাজৰিকা