/asomiyapratidin/media/media_files/2025/04/01/UJWUC37pkHgUvjRHoOYW.jpg)
ডিজিটেল ডেস্ক : লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ অধিনায়ক ঋষভ পণ্ট ব্যৰ্থ হ’লেও পাঞ্জাৱ কিংছৰ বিৰুদ্ধে দলীয় স্ক’ৰ ঠিকেই থিয় কৰাইছিল বাকীসকল বেটাৰে। কিন্তু পাঞ্জাৱ যেন আজি অপ্ৰতিৰোধ্য মনোভাবেৰে ৰণত নামিছিল !
লক্ষ্ণৌৱে বান্ধি দিয়া বিজয় লক্ষ্য অনাসয়ে ভেদ কৰিলে শ্ৰেয়াছ আয়াৰ নেতৃত্বাধীন পাঞ্জাৱে। দলটোৱে মাত্ৰ দুটা উইকেট হেৰুৱাই ১৭৭ ৰান সংগ্ৰহ কৰি শেষ হাঁহি মাৰিবলৈ সক্ষম হয়। এই জয়ৰ মূলতে প্ৰভিস্মৰণ সিং আৰু অধিনায়ক শ্ৰেয়াছ আয়াৰৰ বিস্ফোৰক অৰ্ধশতক।
উল্লেখযোগ্য যে লক্ষ্ণৌৰ বলাৰৰ প্ৰতি ভয়হীনভাৱে দুয়োগৰাকী বেটাৰে খেলি দলৰ জয়ত অন্যতম ভূমিকা পালন কৰে। প্লেয়াৰ অৱ দা মেচৰ সন্মান লাভ কৰা প্ৰভিস্মৰণে মাত্ৰ ৩৪টা বলত ৬৯ ৰান সংগ্ৰহ কৰে। তেওঁ ৯টা বাউণ্ডেৰী আৰু ৩টা ছিক্সাৰেৰে এই ইনিংছটো সজায়।
একেদৰে অধিনায়ক আয়াৰে ৩০টা বলৰ সন্মুখীন হৈ ৫২ৰান সংগ্ৰহ কৰে। তেওঁ ৩টা বাউণ্ডেৰী আৰু ৪টা ছিক্সাৰেৰে ইনিংছটো সজায়। ইফালে শেষৰ ফালে নেহালে মাত্ৰ ২৫টা বলত সংগ্ৰহ কৰে ৪৩ৰান।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে পোনতে বেট ধৰি লক্ষ্ণৌৱে নিৰ্ধাৰিত অ’ভাৰত ৭টা উইকেট হেৰুৱাই ১৭১ ৰান সংগ্ৰহ কৰে। দলৰ হৈ এইডেন মাৰ্কাৰাম ২৮, নিক’লাছ পুৰাণ ৪৪, আয়ুস বাডানী ৪১ আৰু শেষৰ ফালে আব্দুল ছামাদে মাত্ৰ ১২টা বলত ২৭ ৰান সংগ্ৰহ কৰে।