ভ্ৰষ্টাচাৰৰ অভিযোগত গ্ৰেপ্তাৰ স্বাস্থ্য মন্ত্ৰী…

ভ্ৰষ্টাচাৰৰ অভিযোগত গ্ৰেপ্তাৰ স্বাস্থ্য মন্ত্ৰী…

author-image
asomiyapratidin
New Update
ভ্ৰষ্টাচাৰৰ অভিযোগত গ্ৰেপ্তাৰ স্বাস্থ্য মন্ত্ৰী…

ডিজিটেল ডেস্ক: ভ্ৰষ্টাচাৰৰ অভিযোগত গ্ৰেপ্তাৰ কৰ হয় এগৰাকী স্বাস্থ্য মন্ত্ৰী। তেওঁক মন্ত্ৰী পদৰ পৰা বৰ্খাস্ত কৰাৰ পাছতেই গ্ৰেপ্তাৰ কৰা হয়। এই ঘটনা সংঘটিত হৈছে পঞ্জাৱত। পঞ্জাৱৰ স্বাস্থ্য মন্ত্ৰী বিজয় সিংগলাক তেওঁৰ পদৰ পৰা বৰ্খাস্ত কৰাৰ পাছতেই গ্ৰেপ্তাৰ কৰা হয়। মন্ত্ৰী গৰাকীয়ে কামৰ টেণ্ডাৰৰ নামত ১শতাংশ কমিছন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে।

Advertisment

এন্টি কৰাপশ্যন ব্ৰান্সে ভ্ৰষ্টাচাৰৰ অভিযোগত মন্ত্ৰী গৰাকীক গ্ৰেপ্তাৰ কৰা হয়। উল্লেখ্য যে, কিছু সময় পূৰ্বেই অৰ্থাৎ মঙলবাৰে মুখ্যমন্ত্ৰী ভগৱক মানে তেওঁক বৰ্খাস্ত কৰিছিল আৰু আৰক্ষীক তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিছিল।

বৰ্খাস্ত কৰিয়েই মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে মই সিংগলাৰ বিৰুদ্ধে কঠোৰ তদন্ত কৰি আছো। তেওঁক মন্ত্ৰী মণ্ডলৰ পৰা বৰ্খাস্ত কৰো। মুখ্যমন্ত্ৰী মানৰ মতে মন্ত্ৰী গৰাকীয়ে তেওঁৰ দোষ স্বীকাৰ কৰিছে।

আৰু পঢ়ক: জীৱন…

punjab arrested health minister bhagwat mann vijay saingal