/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/10/45e515be-5b9b-480e-8c9c-a9a4db46ee59_1497948633.jpg)
ডিজিটেল ডেস্কঃ পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিং নেতৃত্বাধীন চৰকাৰৰ প্ৰশংসনীয় প্ৰদক্ষেপ। ৰাজ্যখনত এতিয়াৰে পৰা ছাত্ৰীসকলৰ বাবে নাৰ্চাৰী পৰা পি এইচ ডিৰ লৈকে শিক্ষা হব সম্পূৰ্ণ বিনামূলীয়া। যোৱা সোমবাৰে এই ঘোষণা কৰে মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে।
ৰাজ্যখনৰ সকলো স্কুল, কলেজতে বিনামূলীয়াৰ শিক্ষাৰ কথা ঘোষণা কৰি তেও কয় যে- আগন্তুক শৈক্ষিক বৰ্ষৰ পৰা পঞ্জাৱৰ সকলো চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে লাভ কৰি বিনামূলীয়া পাঠ্যপুথি। কেৱল এয়াই নহয় শিক্ষাৰ্থী সকলৰ বাবে প্ৰয়োজনীয় কিতাপসমূহ অনলাইনতো উপলদ্ধ কৰা হব। ইয়াৰ পৰাও বিনা খৰচেৰে প্ৰয়োজনীয় তথ্য ডাউনলড কৰিব পাৰিব শিক্ষাৰ্থীসকলে।
পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে লগতে ঘোষণা কৰে যে আগন্তুক শৈক্ষিক বৰ্ষৰ পৰা ৰাজ্যখনৰ সকলো চৰকাৰী বিদ্যালয়ত প্ৰাৰম্ভিক শিক্ষাৰ বাবে খোলা হব এল কে জি আৰু নাৰ্চাৰী শ্ৰেণী। লগতে বিগত নিৰ্বাচনত দিয়া এক প্ৰতিশ্ৰুতি ৰক্ষা কৰি পঞ্জাৱৰ ১৩ হাজাৰ বিদ্যালয় আৰু ৪৮ চৰকাৰী কলেজত ফ্ৰী ৱাই-ফাই উপলদ্ধ কৰোৱাৰ কথা ঘোষণা কৰে।
উল্লেখ্য যে, ২০১১ চনৰ লোকপিয়ল অনুসৰি পঞ্জাৱৰ সাক্ষৰতাৰ হাৰ হৈছে ৭৫.৮৪%, যি ৰাষ্ট্ৰীয় হাৰ ৭৩.০% তকৈ উন্নত। পঞ্জাৱত মুঠ সাহিত্যিক সংখ্যা হৈছে ১,৮৭,০৭,১৩৭ জন। ৰাজ্যখনত পুৰুষ সাক্ষৰতা হাৰ হৈছে ৮০.৪৪% আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ হৈছে ৭০.৭৩ %।