ভগৱন্ত মানৰ প্ৰথমখন কেবিনেটে পঞ্জাৱৰ নিবনুৱালৈ কঢ়িয়াই আনিলে ভাল খবৰঃ এটা মাহৰ ভিতৰত হ’ব বৃহৎ নিযুক্তি…

ভগৱন্ত মানৰ প্ৰথমখন কেবিনেটে পঞ্জাৱৰ নিবনুৱালৈ কঢ়িয়াই আনিলে ভাল খবৰঃ এটা মাহৰ ভিতৰত হ’ব বৃহৎ নিযুক্তি…

author-image
asomiyapratidin
New Update
ভগৱন্ত মানৰ প্ৰথমখন কেবিনেটে পঞ্জাৱৰ নিবনুৱালৈ কঢ়িয়াই আনিলে ভাল খবৰঃ এটা মাহৰ ভিতৰত হ’ব বৃহৎ নিযুক্তি…

ডিজিটেল ডেস্কঃ শনিবাৰে পঞ্জাৱৰ নৱগঠিত আপ চৰকাৰৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে এটা মাহৰ ভিতৰত পঞ্জাৱত ২৫ হাজাৰ চৰকাৰী চাকৰি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ ভিতৰত ১০ হাজাৰ চাকৰি আৰক্ষী বিভাগত আৰু বাকী ১৫ হাজাৰ চাকৰি আন আন বিভাগৰ বাবে মুকলি কৰিব।

Advertisment

কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে আগন্তুক এটা মাহৰ ভিতৰত এই ২৫ হাজাৰ চাকৰিৰ নিয়োগ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি তোলা হ'ব। উল্লেখ্য যে আপ দলটোৱে পঞ্জাৱত চৰকাৰ গঠনৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰ সভাত পঞ্জাৱৰ যুৱক-যুৱতীসকলক নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

শনিবাৰে মান কেবিনেটত কেবিনেট মন্ত্ৰী হিচাপে ১০ জন নতুন মুখ অন্তৰ্ভুক্ত কৰা হৈছে। তিনিদিন আগতে, ভগৱন্ত মানে শ্বহীদ ভগত সিঙৰ গাঁৱৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে। ৰাজ্যপাল বনৱাৰীলাল পুৰোহিতে চণ্ডিগড়ৰ পঞ্জাৱ ভৱনত মন্ত্ৰীসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। এই ১০ জন মন্ত্ৰীৰ ভিতৰত, ৮ জনেই প্ৰথমবাৰৰ বাবে বিধায়ক হৈছে। তেওঁলোকে পাঞ্জাৱী ভাষাত শপত গ্ৰহণ কৰে। ইফালে এই মন্ত্ৰীসভাত স্থান লাভ কৰা একমাত্ৰ মহিলা মন্ত্ৰী গৰাকী ড০ বলজিৎ কৌৰ।

punjab aap Bhagwant Mann arvind kejriwal