সাজু পঞ্জাৱঃ কোনে মাৰিব শেষ হাঁহি…

সাজু পঞ্জাৱঃ কোনে মাৰিব শেষ হাঁহি…

author-image
asomiyapratidin
New Update
সাজু পঞ্জাৱঃ কোনে মাৰিব শেষ হাঁহি…

ডিজিটেল ডেস্কঃ শনিবাৰে অনুষ্ঠিত হ'ব পঞ্জাব বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ অনুষ্ঠিত হ'ব এই ভোটগ্ৰহণ। ইয়াৰ বাবে ৰাজ্যখনৰ ১৪,৭৫১ টা স্থানত ২৪,৭৪০ টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে। ভোটগ্ৰহণ যাতে সুকলমে অনুষ্ঠিত হৈ যায় তাৰ বাবে ৰাজ্যজুৰি কঠোৰ কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। ভোটগ্ৰহণৰ সময়ছোৱাত ৰাজ্যখনৰ সকলো দোকান আৰু বাণিজ্যিক প্ৰতিষ্ঠান বন্ধ থাকিব।সকলো শ্ৰেণীৰ লোকৰ লগতে ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহৰ কৰ্মচাৰীসকলেও যাতে ভোট দিব পাৰে তাৰ বাবেই এই ব্যৱস্থা কৰা হৈছে। এই সম্পৰ্কে ৰাজ্যখনৰ মুখ্য সচিবৰ হৈ বেতনপ্ৰাপ্ত বন্ধ আৰু শ্ৰম বিভাগৰ বিশেষ সচিবে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিবলৈ নিৰ্দেশনা দিছে।

Advertisment

পঞ্জাৱ বিধানসভাৰ ১১৭ খন আসনৰ বাবে মুঠ ১,৩০৪ গৰাকী ব্যক্তিয়ে বিভিন্ন দলৰ লগতে নিৰ্দলীয়ভাৱে প্ৰাৰ্থীত্ব আগবঢ়াইছে। এই নিৰ্বাচনত পঞ্জাৱৰ ২২ টা কৃষক সংগঠনৰ সংযুক্ত সমাজ মৰ্চাৰ উপৰিও আম আদমী পাৰ্টি, কংগ্ৰেছ, অকালি দল-বিএছপি মিত্ৰজোঁট, বিজেপি, পঞ্জাৱ লোক কংগ্ৰেছ আৰু চিয়াদ যুটীয়া মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।

পঞ্জাৱত প্ৰথমবাৰৰ বাবে, এক কোটিৰো অধিক মহিলাই ভোটদান কৰিব। পঞ্জাৱত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২ কোটি ১৪ লাখ ৯৯ হাজাৰ ৮০৪ গৰাকী। ইয়াৰ ভিতৰত ১ কোটি ১২ লাখ ৯৮ হাজাৰ ৮১ জন পুৰুষ আৰু ১ কোটি ২ লাখ ৯৯৬ গৰাকী মহিলা ভোটাৰ। ইয়াৰ উপৰিও, ৭২৭ গৰাকী ভোটাৰ ট্ৰেন্সজেণ্ডাৰ।

Punjab election punjab