পঞ্জাৱত সিদ্ধুয়ে হ’ব ‘চুপাৰ চিএম’: কংগ্ৰেছ

পঞ্জাৱত সিদ্ধুয়ে হ’ব ‘চুপাৰ চিএম’: কংগ্ৰেছ

author-image
asomiyapratidin
New Update
পঞ্জাৱত সিদ্ধুয়ে হ’ব ‘চুপাৰ চিএম’: কংগ্ৰেছ

"সিদ্ধুয়ে হ'ব পঞ্জাৱৰ চুপাৰ মুখ্য মন্ত্ৰী"-এই মন্তব্য পঞ্জাৱৰ কংগ্ৰেছ নেতা ৰৱনীত সিং বিট্টুৰ। পঞ্জাৱ বিধানসভা সমাগত। বহু জল্পনা-কল্পনা কৰিলেও পঞ্জাৱৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে কংগ্ৰেছে চিৰনজিৎ চান্নীৰ নাম নিৰ্বাচন কৰে।

ইয়াৰ পিছতেই পঞ্জাৱ কংগ্ৰেছত আৰম্ভ হৈছে বিসম্বাদ। দলৰ সাংসদ ৰৱনীত সিং বিট্টুই শুকুৰবাৰে কয় যে "যদি এইবাৰ পঞ্জাৱত কংগ্ৰেছৰ চৰকাৰ গঠন হয় তেন্তে দলৰ তৰফৰ পৰা নৱজোত সিং সিদ্ধুকেই চুপাৰ চিমৰ পদ দিয়া হ'ব"।

কংগ্ৰেছ নেতা গৰাকীয়ে কয় যে "চৰনজিত চান্নীক পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচন কৰা সিদ্ধান্তক নৱজোত সিং সিদ্ধুৱে আদৰণি জনাইছে।পঞ্জাৱৰ প্ৰতি গৰাকী দৰিদ্ৰ লোকেই মন্দিৰত চান্নীৰ বাবে প্ৰাৰ্থনা কৰিছে।মানুহে নিৰ্বাচনৰ দিনা উৎসৱৰ দৰে পালন কৰিব আৰু চান্নীক ভোট দিব।এইবাবেই বিজেপি আৰু আম আদমী পাৰ্টীয়ে ভয় খাই আছে"।

উল্লেখ্য যে, ২০ ফেব্ৰুৱাৰীত পঞ্জাৱত অনুষ্ঠিত হব বিধানসভা নিৰ্বাচন। বৰ্তমান পঞ্জাৱত চলি আছে নিৰ্বাচনী প্ৰচাৰ।

punjab election