পাঞ্জাৱত সলনি হ'ব আপৰ মুখ্যমন্ত্ৰী! বিগত ৪মাহ ধৰি হোৱা নাই কেবিনেটৰ বৈঠক...

দিল্লীৰ হেৰুওৱাৰ পাছতে আপে পাঞ্জাৱক লৈ কৰিছে কিছু পৃথক চিন্তা। দিল্লী নিৰ্বাচনৰ পাছতে আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে পাঞ্জাৱলৈ গৈ নেতা বিধায়কসকলৰ সৈতে এক বিশেষ বৈঠকত মিলিত হৈছিল।

author-image
Asomiya Pratidin
New Update
পাঞ্জাৱ

পাঞ্জাৱ

ডিজিটেল ডেস্কঃ দিল্লীৰ হেৰুওৱাৰ পাছতে আপে পাঞ্জাৱক লৈ কৰিছে কিছু পৃথক চিন্তা। দিল্লী নিৰ্বাচনৰ পাছতে আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে পাঞ্জাৱলৈ গৈ নেতা বিধায়কসকলৰ সৈতে এক বিশেষ বৈঠকত মিলিত হৈছিল। এই বৈঠকক লৈ বিজেপিয়ে প্ৰচাৰ চলাইছিল যে, পাঞ্জাৱত কেজৰিৱালে মুখ্যমন্ত্ৰী সলনি কৰাৰ চিন্তা কৰিছে। 

এই প্ৰচাৰ চাৰিওফালে চলাৰ পিছতে শলঠেকত পৰিছিল আপৰ নেতৃত্বও। বিজেপিয়ে এনে কিছু তথ্য ৰাজহুৱা কৰিছিল যে, যিবোৰৰ উত্তৰ আপেও দিব পৰা নাছিল। দৰাচলতে পাঞ্জাৱত বিগত ৪মাহ ধৰি হোৱা নাই কেবিনেট বৈঠক। মন্ত্ৰীসকলৰ অসন্তুষ্টিৰ বাবেই এই কেবিনেট বৈঠক অনুষ্ঠিত কৰিব পৰা নাই বুলি বিজেপিয়ে প্ৰচাৰ চলাইছিল।

কিন্তু শেহতীয়াকৈ বিজেপিৰ এই অভিযোগৰ উত্তৰ দি আপে স্পষ্টীকৰণ দিছে যে, বিজেপিয়ে যি প্ৰচাৰ চলাইছে সেয়া আচঁলতে ভুৱা প্ৰচাৰ। অৱশ্যে আপে এই কথাও স্বীকাৰ কৰিছে যে, ২০২৪ৰ ৮অক্টোবৰৰ পৰা পাঞ্জাৱ চৰকাৰৰ কোনো কেবিনেট বৈঠক অনুষ্ঠিত হোৱা নাই। ইয়াৰ কাৰনো বাখ্যা কৰিছে আপে।

মুখ্যমন্ত্ৰীৰ বিভিন্ন কাৰ্যসূচীৰ বাবে কেবিনেট বৈঠক পলম হোৱাৰ কথা সদৰি কৰি আছে আপে। কিন্তু ততসত্বেও যোৱা ৬ফেব্ৰুৱাৰীত আহ্বান কৰা হৈছিল কেবিনেটৰ বৈঠক। কিন্তু সেইখনো সফল নোহোৱাত ১০ফেব্ৰুৱাৰীলৈ পিছুৱাই দিয়া হৈছিল কেবিনেটৰ দিন।

কিন্তু ১০ফেব্ৰুৱীতো অনুষ্ঠিত নহল কেবিনেটৰ বৈঠক । এতিয়া ১৩ফেব্ৰুৱাৰীৰ দুপৰীয়া ১২বজাত কেবিনেটৰ বৈঠক অনুষ্ঠিত হব বুলি সদৰি কৰিছে পাঞ্জাৱ চৰকাৰে। কিন্তু বিৰোধীয়ে কটাক্ষ কৰিছে যে, এইখন কেবিনেট বৈঠকো সফল হোৱাৰ সম্ভাৱনা খুবেই কম। 

পাঞ্জাৱ চৰকাৰৰ এনে গতিবিধিৰ বাবে বিৰোধী তথা বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে যে, পাঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ চকীখনক লৈ দোধোৰ-মোধোৰ অৱস্থাত আছে আপ। সেয়েহে চৰকাৰখন এতিয়া থৰক-বৰক। আপে অৱশ্যে এই চৰ্চাক ভিত্তিহীন আখ্যা দিছে। 

অৰবিন্দ কেজৰিৱাল