পুনেৰ মেট্ৰ’ ৰে’ল লাইনৰ সম্প্ৰসাৰণ : ৩,৬২৬ কোটি টকাৰ অনুমোদন কেবিনেটৰ

পুনেৰ মেট্ৰ’ ৰে’ল লাইনৰ বাবে কেন্দ্ৰীয় কেবিনেটে এক নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। বুধবাৰে অনুষ্ঠিত বৈঠকত কেন্দ্ৰীয় কেবিনেটে পুনে মেট্ৰ’ ৰে’ল লাইন সম্প্ৰসাৰণৰ বাবে ৩,৬২৬ কোটি টকাৰ অনুমোদন জনায়।

author-image
Asomiya Pratidin
New Update
cxghxcf
ডিজিটেল ডেস্ক : পুনেৰ মেট্ৰ’ ৰে’ল লাইনৰ বাবে কেন্দ্ৰীয় কেবিনেটে এক নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। বুধবাৰে অনুষ্ঠিত বৈঠকত কেন্দ্ৰীয় কেবিনেটে পুনে মেট্ৰ’ ৰে’ল লাইন সম্প্ৰসাৰণৰ বাবে ৩,৬২৬ কোটি টকাৰ অনুমোদন জনায়।
উল্লেখযোগ্য যে, ৰে’ল লাইন সম্প্ৰসাৰণৰ বাবে দুটা পৰ্যায়ত এই ধন আগবঢ়াব কেন্দ্ৰীয় চৰকাৰে। ভানাজৰ পৰা চান্দনী চ’কলৈ সম্প্ৰসাৰণ হ’ব ৰে’ল লাইন। একেদৰে ৰামৱাডীৰ পৰা ৱাঘোলি লৈ সম্প্ৰসাৰণ হ’ব ৰে’ল লাইন। 
সম্প্ৰসাৰণ কৰিব লগা এই দুয়োটা লাইনৰ দৈৰ্ঘ্য হ’ব ১২.৭৫ কিলোমিটাৰ। ইয়াতে থাকিব মুঠ ১৩টা ষ্টেচন। লগতে উল্লেখ কৰে যে, অহা চাৰি বছৰৰ ভিতৰত এই প্ৰকল্পটো সম্পূৰ্ণ হ’ব।
এই প্ৰকল্পটোৰ বাবে কেন্দ্ৰৰ উপৰি মহাৰাষ্ট্ৰ চৰকাৰেও ব্যয় বহন কৰিব। ইতিমধ্যে সম্প্ৰসাৰণ হ’ব লগা এলেকাকেইটাত জৰীপ আৰম্ভ কৰা হৈছে বুলি জানিবলৈ দিয়ে।
কেন্দ্ৰীয় কেবিনেট