বটদ্ৰৱা নৰোৱা সত্রৰ মুক্তিয়াৰ, সমাজকৰ্মী পোনা হাজৰিকাৰ বিয়োগ

বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী পোনা হাজৰিকাৰ আজি নিজ বাসগৃহত বিয়োগ ঘটে।পোনা হাজৰিকা বিগত কিছুবছৰ ধৰি শাৰিৰীক অসুস্থতাৰ হেতু চিকিৎসা গ্ৰহণ কৰি আছিল।

author-image
Asomiya Pratidin
New Update
GDFGF

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ  বটদ্ৰৱা নৰোৱা সত্রৰ মুক্তিয়াৰ, সমাজকৰ্মী, বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী পোনা হাজৰিকাৰ আজি নিজ বাসগৃহত বিয়োগ ঘটে। গুৰুজনাৰ একান্ত সেৱক ধৰ্মপ্ৰাণ পোনা হাজৰিকা বিগত কিছুবছৰ ধৰি শাৰিৰীক অসুস্থতাৰ হেতু চিকিৎসা গ্ৰহণ কৰি আছিল।

মৰমীয়াল,সৰবৰহী ব্যক্তি গৰাকীৰ বিয়োগত বটদ্ৰৱা নৰোৱা সত্রৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱগোস্বামী, বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অনিল শইকীয়া, বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱজিৎ মহন্তকে আদি কৰি বিভিন্নজনে গভীৰ শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁ পত্নী, পুত্ৰ প্ৰাঞ্জল হাজৰিকা, বোৱাৰী, দুগৰাকী জীয়ৰী, জোৱাই, নাতি-নাতিনী সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

বটদ্ৰৱা