পুলৱামা আক্ৰমণৰ ৩ বছৰ…

পুলৱামা আক্ৰমণৰ ৩ বছৰ…

author-image
asomiyapratidin
New Update
জম্মু-কাশ্মীৰত প্ৰয়োজনাধিক নিৰাপত্তাৰক্ষী মোতায়েনৰ কাৰ্যই সন্ত্ৰষ্ট কৰিছে সাধাৰণ জনতাকঃ মেহবুবা মুফতী

ডিজিটেল ডেস্ক: ১৪ ফেব্ৰুৱাৰী এনে এটা দিন যাক সমগ্ৰ বিশ্বই প্ৰেমৰ দিন হিচাপে পালন কৰে, কিন্তু ২০১৯ চনৰ আজিৰ দিনটোতেই সংঘটিত হোৱা এটি ঘটনাই এতিয়াও দেশবাসীক দুখিত কৰি তোলে।

Advertisment

আজিৰ দিনটোতেই কাশ্মীৰৰ পুলৱামাত সংঘটিত হৈছিল সন্ত্ৰাসবাদী আক্ৰমণ। চিআৰপিএফৰ বিশাল কনভয়ত সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণত শ্বহীদ হৈছিল ৪০ জনকৈ বীৰ জোৱান আৰু আহত হৈছিল প্ৰায় ৩৫ জন।

পাকিস্তানক সমৰ্থিত সন্ত্ৰাসবাদীয়ে এই আক্ৰমণ সংঘটিত কৰিছিল। এই দিনটোত দেশবাসীয়ে বীৰ শ্বহীদ সকলক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছে।

উল্লেখ্য যে, ২০ বছৰীয়া আদিল আহমেদ নামৰ যুৱকজনে আত্মঘাতী আক্ৰমণ সংঘটিত কৰিছিল। ঘটনাস্থলীৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দূৰত আদিলৰ ঘৰ। ১৪ ফেব্ৰুৱাৰীৰ দিনা চিআৰপিএফৰ এখন কনভয় আহি থকা সময়তেই এই আক্ৰমণ সংঘটিত হয়।

তদন্তৰ পিছত পোহৰলৈ আহে যে এই আক্ৰমণৰ পৰিকল্পনা কৰিছিল পাকিস্তানত থকা জৈশ-এ-মহম্মদ নামৰ সন্ত্ৰাসবাদী সংগঠনটোৱে।

kashmir pulwama