অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অসমী শাৰদীয় মেলাৰ শুভাৰম্ভ...

হাটশিঙিমাৰীত ৩০ খন গাঁও পঞ্চয়তৰ ৪০ খন আত্ম সহায়ক গোটৰ অংশগ্ৰহন

author-image
Asomiya Pratidin
New Update
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অসমী শাৰদীয় মেলাৰ শুভাৰম্ভ...

HATSINGIMARI

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ অধীনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জৰিয়তে ৰাজ্যজুৰি আজিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে অসমী শাৰদীয় মেলা। হাটশিঙিমাৰীতো আজি বিয়লি প্ৰায় ৫.৩০ বজাত জিলা অতিৰিক্ত উপায়ুক্ত লক্ষ্মী কুটুমে এই অসমী শাৰদীয় মেলাৰ শুভাৰম্ভ কৰে।

এই মেলাত জিলাখনৰ মুঠ ৩০ খন গাঁও পঞ্চায়ত এলেকাৰ ৪০ টা আত্ম সহায়ক গোটে অংশগ্ৰহণ কৰে। দুৰ্গা পূজাৰ সময়ত আত্ম সহায়ক গোটসমূহক আৰ্থিক ভাৱে টনকিয়াল কৰি তুলিবলৈ চৰকাৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জৰিয়তে এই অসমী শাৰদীয় মেলাৰ আয়োজন কৰিছে।

এই মেলাৰ জৰিয়তে আত্ম সহায়ক গোটসমূহে নিজৰ নিজৰ ব্যৱসায়ৰ সামগ্ৰী ক্রেতা সকলক বিক্ৰী কৰিব পাৰিব।

assam HATSNGIMARI DURGAPUJA