/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/spcl-ty.jpg)
♦ ডি জে ধনন্তৰি
চাওতে চাওতে পূজা পালেহিয়েই। শুকুৰবাৰলৈকে সকলোৰে মনত এটাই মাথো চিন্তা। পূজাত বৰষুণ হ'ব নেকি? পূজাত যে কাহানিও বৰষুণ নিদিয়ে তেনে কোনো কথা নহয়। ধাৰাসাৰ বৃষ্টিয়েও ম্লান পেলাব নোৱাৰে পূজাৰ আনন্দ-উছাহ। এইবাৰ পিছে বৰষুণক লৈ ইমান উদ্বিগ্ন হৈ পৰাৰ আছে বিশেষ কাৰণ। কাৰণটো তিতলি।
বংগোপ সাগৰত দেখা দিয়া নিম্নচাপৰ বাবে অন্ধ্ৰ প্ৰদেশ আৰু ওড়িশাত তিতলিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ লগতে পশ্চিমবংগতো ইয়াৰ প্ৰভাৱ দেখা গৈছে। পশ্চিমবংগৰ ভিন্নস্থানত তীব্ৰবেগী ধুমুহাই পূজালৈ বাট চাই থকা প্ৰতিজন লোককে শংকিত কৰি তুলিছে।
ইয়াৰ মাজতে অসমতো যোৱা দুই-তিনিদিন ধৰি আকাশ ডাৱৰীয়া হৈ পৰাত সকলোৱে ভাবি লৈছে যে তিতলিৰ বাবে পূজাৰ কেইদিন ধাৰাসাৰ বৰষুণ হ'ব। কেৱল যে ভাবিছে সেয়াই নহয়, ভিতৰি ভিতৰি বহুতৰে খঙো উঠিছে তিতলিলৈ। পূজাৰ দিনকেইটাতহে তিতলি আহিব লাগেনে? তিনিআলিৰ আড্ডা, চিটি বাছৰ ভিৰ, হোটেল, বিয়নী মেল, কলেজৰ অফ ক্লাছ সকলোতে শুনা গৈছে তিতলি ককৰ্থনা।
শনিবাৰে কিন্তু সকলোৱে তিতলিৰ কথা পাহৰি পেলাইছে। তিতলিক লৈ এতিয়া আৰু কোনো উদ্বিগ্ন নহয়। বৰষুণ আহিলেও আহক, ছাতি লৈ হ'লেও পূজালৈ যাব। কিন্তু সেই শব্দ যাতে শুনিবলৈ নাপায় তাৰ বাবে দুৰ্গতিনাশিনী দুৰ্গাক প্ৰাৰ্থনা কৰিছে সকলোৱে। শুনিবলৈ নিবিচৰা কি এই শব্দ?
১০ অক্টোবৰত এটি টুইট কৰিছিল অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুল শইকীয়াই। টুইটত সঞ্চালক প্ৰধানগৰাকীয়ে সকলোকে নিশ্চিন্ত মনে শাৰদীয় উৎসৱৰ আনন্দ উপভোগ কৰিবলৈ আহ্বান জনাই লিখিছে, 'দুৰ্গোৎসৱ আহি পালেই, অসম আৰক্ষীয়ে সৰ্বসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ প্ৰতিখন পূজা মণ্ডপতে আয়োজকসকলৰ সহযোগত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰতিখন জিলাৰে প্ৰয়োজনীয় স্থানসমূহত অতিৰিক্ত নিৰাপত্তাৰক্ষী মোতায়েনৰো ব্যৱস্থা কৰা হৈছে।'
আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে এই নিশ্চিতি প্ৰদান কৰাৰ এসপ্তাহ নৌহওতেই আজি দুপৰীয়াৰ ভাগত এটি শক্তিশালী বিস্ফোৰণত কঁপি উঠে মহানগৰীৰ অতি গুৰুত্বপূৰ্ণ স্থান ফাঁচীবজাৰ। বিস্ফোৰণত সৌভাগ্যক্ৰমে কোনো লোকে অকালতে প্ৰাণ হেৰুৱাবলগীয়া নহ'ল যদিও ৪জনকৈ লোক আহত হয়।
পাণবজাৰ আৰক্ষী থানাৰ পৰা কেইমিটাৰমান নিলগত সংঘটিত হোৱা এই বিস্ফোৰণে এতিয়া পূজাৰ প্ৰাকক্ষণত সকলোকে শংকিত কৰি তুলিছে। স্বয়ং আৰক্ষী সঞ্চালকপ্ৰধানে নিশ্চিন্তমনে টুইটযোগে পূজাৰ আনন্দ উপভোগ কৰিবলৈ আহ্বান জনোৱাৰ সময়তে সংঘটিত এই বিস্ফোৰণৰ পিছত এতিয়া আৰক্ষী-প্ৰশাসনৰ প্ৰতি আস্থাহীন হৈ পৰিছে ৰাজ্যবাসী।
পূজাৰ কেইদিন ইয়াতকৈও যথেষ্ট ভিৰ হ'ব। অতিৰিক্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰিলেও ইমান ভিৰৰ মাজত কূটাঘাত ৰোধ কৰাতো জানো সম্ভৱ হ'ব। বেংক, ডাকঘৰ, ন্যায়াধীশৰ আবাসস্থল, কোষাগাৰ, আৰক্ষী আয়ুক্তৰ কাৰ্যালয়কে আদি কৰি কেবাটাও গুৰুত্বপূৰ্ণ কাৰ্যালয় থকা উক্ত স্থানক সকলোৱে হাই ছিকিউৰিটি জ'ন বুলিয়েই আখ্যা দি আহিছে। এনে এক হাই ছিকিউৰিটি জ'নতে যদি কূটাঘাতকাৰীয়ে কূটাঘাত সংঘটিত কৰিব পাৰে তেন্তে আন স্থানবোৰত তেনে দুষ্কাৰ্য সংঘটিত কৰাতো কিমান সহজ সেয়া ভাবিয়েই বুকু কপি উঠিছে পূজাত ৰং-ৰহইছ কৰিব বুলি ভাবি থকা অসংখ্যাজনৰ।
শনিবাৰৰ বিস্ফোৰণৰ দায়িত্ব সংবাদ মাধ্যমযোগে আলফা স্বাধীনে স্বীকাৰ কৰিলেও সৰ্বসাধাৰণ অধিক উদ্বিগ্ন হৈ পৰিছে জেহাদীক লৈ। কিছুদিন পূৰ্বে উত্তৰ প্ৰদেশত ধৰা পৰিছিল অসমৰ পৰা গৈ জেহাদী সংগঠনত যোগ দিয়া এজন যুৱক। সেই যুৱকজন ধৰা পৰাৰ পিছতে পোহৰলৈ আহিছিল ইটোৰ পিছত আনটো চাঞ্চল্যকৰ তথ্য। এনে তথ্যসমূহে অসমত যে জেহাদী পূৰ্বতকৈয়ো অধিক শক্তিশালী হৈ পৰিছে তাৰেই স্পষ্ট ইংগিত বহন কৰিছে।
অসম আৰক্ষীয়েও ইখনৰ পিছত সংবাদমেল আয়োজন কৰি ৰাজ্যবাসীক আশ্বস্ত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। আৰক্ষীৰ এনে তৎপৰতায়ো সৰ্বসাধাৰণক অধিক উদ্বিগ্ন কৰি তুলিছে। আৰক্ষীৰ নিৰাপত্তা বেহু ভেদ কৰি হাই ছিকিউৰিটি জ'নত বিস্ফোৰণ সংঘটিত হোৱাৰ পিছত বহুতৰে মনত এতিয়া জেহাদীৰ কুটাঘাতক লৈও শংকা জাগি উঠা দেখা গৈছে। ইমানেই নহয়, একাংশ লোকে আলফা স্বাধীনে দাবী কৰিলেও আজিৰ বিস্ফোৰণৰ সৈতে পৰেশ বৰুৱাৰ পৰিৱৰ্তে জেহাদী সংগঠন জড়িত থাকিব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰিছে।
কেৱল যে বোমা বিস্ফোৰণক লৈয়ে শাৰদীয় বতৰত ৰাজ্যবাসী শংকিত হৈ পৰিছে সেয়া নহয়। আন কেবাটাও বিষয়ক লৈ এইবাৰ পূজাত মুক্ত মনে আনন্দ উপভোগ কৰিব বুলি ভাবিও থমকি ৰৈছে বহুজন। এনে শংকাসমূহৰ অন্যতম কাৰণ হৈছে ৰাজ্যৰ অকৰ্মণ্য বিদ্যুৎ বিভাগ। কিছুদিন পূৰ্বে নগাঁও জিলাত বিদ্যুৎ বিভাগৰ ভুলৰ বাবে প্ৰাণ হেৰুৱাইছিল ৭জনকৈ লোকে। তৎসত্বেও বিভাগ তথা চৰকাৰে কোনো আশাব্যঞ্জক পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।
বিপৰীতে, গুৱাহাটীকে আদি কৰি ৰাজ্যৰ প্ৰায়বোৰ পূজা মণ্ডপতে যিকোনো মুহূৰ্ততে বৈদ্যুতিক বিজুতিয়ে অঘটন ঘটোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। কিয়নো বৰ্তমানৰ পূজা মানেই হৈছে আলোকসজ্জা। এই আলোকসজ্জাত বৈদ্যুতিক সংযোগ কৰোতে আগতীয়া সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে নে নাই সেইবোৰ দিশ চোৱাৰ কোনো প্ৰয়োজনবোধ এই পৰ্যন্ত অনুভৱ কৰা নাই চোৰ গ'লে বুদ্ধি সজা, বৰষুণ গ'লে জাপি লোৱা চৰকাৰ-প্ৰশাসনে।
আনহাতে, প্লাষ্টিক প্ৰদূষণক লৈ বাটে-ঘাটে হৰ্ডিং আঁৰিয়েই দায়িত্ব সামৰা চৰকাৰ-প্ৰশাসনে পূজাৰ পলত সৃষ্টি হ'ব পৰা প্ৰদূষণক লৈও গ্ৰহণ কৰা নাই কোনো আগতীয়া ব্যৱস্থা। প্লাষ্টিক প্ৰদূষণৰ লগতে জল প্ৰদূষণক লৈও এই পৰ্যন্ত কোনো আগতীয়া সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই।
বিজয়াৰ বিফল সন্ধ্যা এইবাৰো মহানগৰীৰ লগতে ৰাজ্যৰ প্ৰতিখন পূজা মণ্ডপৰে প্ৰতিমা বিসৰ্জন দিয়া হ'ব ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহত। ফলত প্ৰতিমাত ব্যৱহাৰ কৰা কৃত্ৰিম ৰং আৰু প্লাষ্টিকজাতীয় সামগ্ৰীয়ে উপনৈসমূহৰ লগতে বিশাল ব্ৰহ্মপুত্ৰৰ জলৰাশিত বিৰূপ প্ৰভাৱ পেলোৱাতো প্ৰায় নিশ্চিত। বিষয়টোক লৈ সময়ে সময়ে ভিন্ন প্ৰকৃতিপ্ৰেমী সংগঠনে মাত মাতে যদিও ৰহস্যজনকভাৱে পূজাৰ সময়ত নীৰৱ হৈ পৰে।
প্ৰশাসনেও পূজা কমিটিসমূহক দিব লাগে বাবেই নিৰ্দেশনা জাৰি কৰিয়েই দায়িত্ব সামৰি থয়। এনেকৈ প্ৰতিবছৰে কৃত্ৰিম ৰং তথা প্ৰতিমা নিৰ্মাণত ব্যৱহাৰ কৰা আন ৰাসায়নিক দ্ৰব্য আৰু প্লাষ্টিকৰ ফলত সৃষ্টি হোৱা প্ৰদূষণে ভয়াৱহ বিপদ মাতি আনিছে ৰাজ্যখনৰ নদ-নদীসমূহলৈ। পশ্চিমবংগৰ দৰেকৈ মাজতে অসমতো প্ৰতিমা বিসৰ্জনৰ সময়ত এই বিষয়টোক গুৰুত্ব প্ৰদান কৰিছিল যদিও সময়ত সকলো ফুটুকাৰ ফেনত পৰিণত হৈ পৰিছে।
এইবোৰৰ লগতে দুৰ্ঘটনা তথা আইন-শৃংখলাজনিত আন পৰিস্থিতিসমূহক লৈ যিকোনো মুহূৰ্ততে উদ্ভৱ হ'ব পৰা শংকাবোৰ আছেই। তাতেই আকৌ বজাৰত বস্তুৰ জুই ছাই দাম। পূজা বুলি বজাৰ ভৰি পৰিছে অফাৰৰ পিছত অফাৰেৰে। পিছে নিৰ্বাপিত কৰিব পৰা নাই বজাৰৰ জুই। এনেকৈয়ে এতিয়া শনিবাৰৰ মহানগৰীত সংঘটিত বিস্ফোৰণে পূজাক লৈ শংকিত কৰি তুলিছে সকলোকে।
ভয়-শংকাৰ মাজতে সকলোৰে আশা। ধৰালৈ নামি অহা দুৰ্গতিনাশিনী মা দুৰ্গাই নাশ কৰিব সকলো দুৰ্গতি। সেই আশা লৈয়ে হাজাৰ ভয়-শংকাৰ মাজতো শাৰদীয় উৎসৱৰ আনন্দ উপভোগ কৰিবলৈ সাজু ৰাজ্যবাসী।