জামুগুৰিহাটত পুখুৰীত গা ধুবলৈ গৈ যুৱতীৰ মৃত্যু...

জামুগুৰিহাটৰ বৰপুখুৰীপাৰৰ মধুপুৰ গাঁওত পুখুৰীত গা ধুবলৈ গৈ মৃত্যু ঘটিছে এগৰাকী যুৱতীৰ। মৃত্যু হোৱা যুৱতী গৰাকীৰ নাম পূজা নেওঁগ(২২)। ঘৰৰ পিছফালে  থকা পুখুৰীত

author-image
Asomiya Pratidin
New Update
ujuj

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ  জামুগুৰিহাটৰ বৰপুখুৰীপাৰৰ মধুপুৰ গাঁওত পুখুৰীত গা ধুবলৈ গৈ মৃত্যু ঘটিছে এগৰাকী যুৱতীৰ। মৃত্যু হোৱা যুৱতী গৰাকীৰ নাম পূজা নেওঁগ(২২)।

ঘৰৰ পিছফালে  থকা পুখুৰীত পৰিয়ালৰ কেইজনমান সদস্যৰ লগত গা ধুবলৈ যোৱাৰ সময়ত পুখুৰীৰ দ স্থানত হঠাৎ সোমাই পৰে যুৱতী গৰাকী।

ইয়াৰ পাছতে গা ধুই থকা আন সদস্যসকলে হুলস্থূলৰ সৃষ্টি কৰাত গাঁওৰ কেইজনমান  যুৱক আহি যুৱতী গৰাকীক পানীৰ তলৰ পৰা উদ্ধাৰ কৰি ১০৮সহায়ত চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে ইতিমধ্যে যুৱতী গৰাকীৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে।

উল্লেখ্য যে এগৰাকী যুৱকৰ  লগত  ইতিমধ্যে বিবাহ থিক হৈ থকা যুৱতী গৰাকীৰ এই অকাল মৃত্যুৱে সকলোকে মৰ্মাহত কৰি তুলিছে।

জামুগুৰিহাট