/asomiyapratidin/media/media_files/2025/05/18/A4RR4vqO6mnWA2r4yahG.jpg)
ডিজিটেল সংবাদ,পৰ্বতঝোৰাঃ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা বাশবাৰীত তাপ বিদ্যুৎ প্রকল্প নিৰ্মাণ কৰাৰ বাবে আদানী গ্রুপক প্ৰায় ৩৬০০ বিঘা ভূমি প্ৰদান কৰাৰ বাবে চৰকাৰে যো-জা আৰম্ভ কৰাৰ পিছতেই পৰ্বতঝোৰাৰ ভূমিপুত্ৰ বড়ো জনগোষ্টীয় ৰাইজে বিটিআৰ পৰিষদীয় চৰকাৰ আৰু অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদী সভাৰ শেষত প্রমোদ বড়ো মূৰ্দাবাদ, বিজেপি চৰকাৰ মূৰ্দাবাদ, আদানীক মাটি দিয়া নহ'ব,তেজ দিম মাটি নিদিম আদি বিভিন্ন শ্লোগানৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে। শেহতীয়াকৈ এবছুৰ সভাপতি দ্বিপেন বড়োই তাপ বিদ্যুৎ প্রকল্পৰ ভূমি হস্তান্তৰ সংক্ৰান্তত কৰা মন্তব্যৰ বিৰূদ্ধে বড়োলেণ্ড জন-জাতি সুৰক্ষা মঞ্চৰ কাৰ্য্যকৰী সভাপতি দাওৰাও ডেক্ৰেব নাৰ্জাৰী কয় যে দ্বিপেন বড়ো হৈছে এগৰাকী চৰকাৰৰ দেৱানী সুবিধাবাদী লোক, তেওঁ কেৱল চৰকাৰৰ স্বাৰ্থত হে কাম কৰে, ৰাইজৰ সুখ দুঃখৰ প্ৰতি কোনো গুৰুত্ব নাই, তেওঁ মাত্ৰ দেৱানী হে কৰে, তেওঁক লাগে মাত্ৰ নিজস্ব মুনাফা দ্বিপেন বড়ো মূল্যহীন নেতা।
ইফালে ৰাজ্যিক কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্মৰ মন্তব্যৰ বিৰুদ্ধেও সৰব হৈ কয় যে, ষষ্ঠ অনুসচিত এলেকাত বহিৰাগত লোকে মাটি কিনিব নোৱাৰে সেই কথা মন্ত্ৰী নাজানে নেকি? ৰাইজৰ কথাৰ প্ৰতি যদি ৰাজ্য চৰকাৰ তথা বিটিআৰ চৰকাৰে গুৰুত্ব নিদিয়ে তেন্তে অচিৰেই বৃহৎ গণতান্ত্ৰিক আন্দোলন কৰাৰ লগতে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও সদৰি কৰে। স্থানীয় ৰাইজৰ মতে চৰকাৰে উদ্যোগৰ নামত মাটি লৈ চাকৰি দিব নানান প্ৰতিশ্ৰুতি দিয়ে ঠিকেই পিছত ৰাইজৰ সৈতে কেৱল প্ৰবঞ্চনা কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us