/asomiyapratidin/media/media_files/2025/07/01/kamrup-1-2025-07-01-14-52-42.jpg)
ডিজিটেল সংবাদ, কামৰূপঃ আজিৰে পৰা সমগ্ৰ ৰাজ্যতে আৰম্ভ শস্য বীমা সপ্তাহ। কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগতো পালন কৰা হৈছে শস্য বীমা সপ্তাহ। আজিৰে পৰা ৭ জুলাইলৈ হ'বলগীয়া শস্য বীমা সপ্তাহৰ শুভাৰম্ভণি উপলক্ষে আজি কামৰূপৰ আমিনগাঁওত এক প্ৰচাৰমূলক বাহনৰ ফ্লেগ অফ কৰা হয়।
কৃষকসকলক শস্যৰ বীমা কৰাৰ ক্ষেত্ৰত সজাগতা অনাৰ বাবে এই প্ৰচাৰমূলক বাহনৰ ফ্লেগ অফ কৰা হয়।প্ৰচাৰমূলক বাহনৰ ফ্লেগ অফ কৰে কামৰূপৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/01/kamrup-2025-07-01-14-53-22.jpeg)
প্ৰচাৰমূলক বাহনৰ ফ্লেগ অফ কৰি জিলা আয়ুক্তই কৃষকসকলক শস্য বীমা কৰাৰ ক্ষেত্ৰত বছৰৰ সকলো সময়তে সজাগ কৰিবলৈ জিলাৰ তৰফৰ পৰা সাজু থাকিব বুলি কয়। আমিনগাঁওৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদৰ পৰা উলিওৱা প্ৰচাৰমূলক বাহনখন সমগ্ৰ জিলাৰ প্ৰতিটো পঞ্চায়তত প্ৰচাৰৰ বাবে নিয়া হ'ব বুলি জিলা কৃষি বিষয়া মানৱ জ্যোতি দাসে সাংবাদিকক জানিব দিয়ে।
উল্লেখ্য আজিৰে পৰা ৭ জুলাইলৈ সমগ্ৰ কামৰূপ জিলাত কৃষকক শস্য বীমা কৰাৰ বাবে সজাগতা সভাৰো আয়োজন কৰা হৈছে। প্ৰচাৰমূলক বাহনখনৰ ফ্লেগ অফৰ পিছতেই দদৰাস্থিত কৃষি বিভাগৰ জ্ঞান কেন্দ্ৰত এখনি সজাগতা সভাৰ আয়োজন কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/01/kamrup-2025-07-01-14-53-41.jpeg)
কামৰূপৰ অতিৰিক্ত আয়ুক্ত মুনমী কলিতাই বিশিষ্ট অতিথিৰ আসন শুৱনি কৰা সভাখনত অঞ্চলটোৰ পাঁচগৰাকী আদৰ্শ কৃষকক সম্বৰ্ধনা জনোৱাৰ লগতে তেঁওলোকৰ সুবিধাৰ্থে স্প্ৰেয়াৰ প্ৰদান কৰা হয়। কৃষি উন্নয়ন বিষয়া ভাস্বতি শৰ্মাই আঁত ধৰা অনুষ্ঠানত বাজাজ এলায়েঞ্চ জেনেৰেল ইনঞ্চুৰেঞ্চ কোম্পানীৰ ৰাষ্ট্ৰীয় মুৰব্বী সুদেষ্ণা দাসগুপ্তা, জিলা কৃষি বিষয়া, কামৰূপ মানৱজ্যোতি দাস, সহকাৰী সঞ্চালক, কৃষি বিভাগ হিতেশ বেজবৰুৱা, মহকুমা কৃষি বিষয়াদ্বয় ক্ৰমে জ্যোতি প্ৰসাদ দাস আৰু দূৰ্লভ দাস, ফচল বীমা যোজনাৰ নডেল বিষয়া তথা জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া কুমুদ চৌধুৰীৰ লগতে বহু কেইগৰাকী কৃষি উন্নয়ন বিষয়া, অন্যান্য বিষয়ববীয়াসকল আৰু স্থানীয় কৃষকবন্ধুসকল উপস্থিত থাকে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/01/kamrup-2025-07-01-14-54-02.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us