অসম প্রকাশন পৰিষদত 'মুকুতা'ৰ উদ্যোগত শিশুৰ কবিতা আবৃত্তিৰ কৰ্মশালা সম্পন্ন

শিশু পদ্য, জিভা কেঁকুৰি, ওমলা গীতসমূহ সংৰক্ষণৰ জৰিয়তে চিৰযুগমীয়া কৰি ৰখাৰ লক্ষ্যৰে অনুষ্ঠিত 'কুঁহিপাঠ পদ্য আবৃত্তি' শীর্ষক এই কর্মশালাখনি উদ্বোধন কৰে অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ, বিশিষ্ট অভিধান প্রণেতা তথা লেখক সুমন্ত চলিহাই।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
dadwe

ডিজিটেল সংবাদ, গুৱাহাটী: অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত শিশু আৰু কিশোৰ-কিশোৰীৰ আলোচনী 'মুকুতা'ৰ উদ্যোগত আয়োজন কৰা শিশুৰ আবৃত্তিৰ কৰ্মশালাখনি আজি সুকলমে অনুষ্ঠিত হৈ যায়। শিশু পদ্য, জিভা কেঁকুৰি, ওমলা গীতসমূহ সংৰক্ষণৰ জৰিয়তে চিৰযুগমীয়া কৰি ৰখাৰ লক্ষ্যৰে অনুষ্ঠিত 'কুঁহিপাঠ পদ্য আবৃত্তি' শীর্ষক এই কর্মশালাখনি উদ্বোধন কৰে অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ, বিশিষ্ট অভিধান প্রণেতা তথা লেখক সুমন্ত চলিহাই।

Advertisment

পৰিষদৰ সভাগৃহত অনুষ্ঠিত কর্মশালাখনি উদ্বোধন কৰি চলিহাই কয় যে, আবৃত্তি হৈছে এক উত্তম কলা আৰু এই কলা ভাষা-সাহিত্যৰ সৈতে জড়িত। কবিয়ে ব্যৱহাৰ কৰা ভাষাটো আবৃত্তিকাৰসকলে আয়ত্ত কৰি লোৱাটো ইয়াত অতি গুৰুত্বপূর্ণ কথা।

ক'ত স্বৰ আৰম্ভ হয় অথবা ক'ত স্বৰান্ত হয় সেয়া আবৃত্তি কলাৰ লক্ষণীয় দিশ। শিশু পদ্য, জিভা কেঁকুৰি, ওমলা গীতসমূহ সংৰক্ষণৰ লগতে অসমীয়া ভাষাটো শিশু কালৰে পৰা চৰ্চা কৰাৰ ক্ষেত্ৰত অসম প্রকাশন পৰিষদে আয়োজন কৰা এই কৰ্মশালাই সুদূৰপ্ৰসাৰী ইতিবাচক প্ৰভাৱ পেলাব।

তেওঁ ভাষণ প্রসংগত ড° ভূপেন হাজৰিকা, নৱকান্ত বৰুৱা, ড° নিৰ্মলপ্রভা বৰদলৈ, ড° ভবেন্দ্রনাথ শইকীয়াৰ শিশু সাহিত্যৰ বিষয়ে উল্লেখ কৰি অসমীয়া শিশু কবিতাৰ ঐতিহ্যৰ চমু বিশ্লেষণ আগবঢ়ায়। কর্মশালাখনিত সমল ব্যক্তিরূপে অংশগ্ৰহণ কৰে বিশিষ্ট আবৃত্তিকাৰ, ঘোষক অবনী বৰাই।

তেওঁ কয় যে শিশুসকলে যেনেদৰে কথা কয়, যেনেদৰে পড়ে তেনেদৰেই ভাল লাগে আৰু ইয়াৰ এক মনপৰশা সুকীয়া আকর্ষণ থাকে। অসম প্রকাশন পৰিষদে এই কৰ্মশালাৰ আয়োজন কৰি শিশুসকলক শিপাৰ সৈতে পৰিচয় কৰি দিয়া যি প্ৰয়াস কৰিছে এয়া দ্ব্যর্থহীনভাবে আদৰণীয় পদক্ষেপ।

আজিৰ কৰ্মশালাত ৭ বছৰৰ পৰা ১০ বছৰ বয়সৰ ১৭গৰাকী অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্রহণ কৰে। সমল ব্যক্তি বৰাই শিক্ষার্থীসকলক পদ্য পাঠ কৰোৱাৰ লগতে আবৃত্তি সম্পর্কে বিভিন্ন জ্ঞান দিয়ে। কর্মশালাত অংশগ্রহণ কৰা শিক্ষার্থীসকলৰ অভিভাৱকসকল উপস্থিত থকা কর্মশালাখনৰ উদ্বোধনী অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই।

এই কর্মশালাৰ উদ্দেশ্যৰ বিষয়ে বিশদভাবে সদৰী কৰি তেওঁ কয় যে এই কবিতাসমূহৰ আবৃত্তি বাণীবদ্ধ কৰি প্ৰকাশন পৰিষদৰ নিজৰ চেনেল Publication Board Assam-ৰ জৰিয়তে ৰাইজলৈ আগ বঢ়োৱাৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰ ফলত অসমীয়া ভাষা-সাহিত্যৰ অমূল্য সম্পদস্বরূপ শিশু পদ্যসমূহ সংৰক্ষিত হোৱাৰ লগতে শিশুসকলে আৰম্ভণিৰে পৰা মাতৃভাষাটোৰ চৰ্চা কৰাৰ পথ প্রশস্ত হ'ব। কৰ্মশালাৰ আঁত ধৰে প্ৰকল্পটোৰ সংযোজক ময়ূৰী দত্তই। 

অসম প্রকাশন পৰিষদ