হাওৰাঘাটৰ ঢউজুখাত জনসম্পৰ্ক ৰক্ষা অভিযান অনুষ্ঠিত...

জনসম্পৰ্ক ৰক্ষা অভিযানত হাওৰাঘাট অঞ্চলৰ ৰাইজৰ অভাৱ অভিযোগ সমূহ পূৰণ কৰাৰ ৰাজহুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাঙে ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত হাওৰাঘাটৰ সমীপৱৰ্তী ঢউজুখাত অনুষ্ঠিত কৰা হয় জনসম্পৰ্ক ৰক্ষা অভিযান । উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাং । 

Advertisment

শনিবাৰে অনুষ্ঠিত জনসম্পৰ্ক ৰক্ষা অভিযানত হাওৰাঘাট অঞ্চলৰ ৰাইজৰ অভাৱ অভিযোগ সমূহ পূৰণ কৰাৰ ৰাজহুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাঙে ।  মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে অঞ্চলটোৰ ৰাইজৰ যিমানবোৰ অভাৱ অভিযোগ আছে সেইবোৰ লিখিত আবেদন আকাৰে প্ৰদান কৰিবলৈ আহ্বান জনায় ।

উক্ত সভাত সমাজকৰ্মী তথা চিকিৎসক ড০ নিগমানন্দ মাইথাৰ আৰু ভৱেশ ৰাজবংশীয়ে হাওৰাঘাটৰ উপ সংমণ্ডল হাওৰাঘাটতে হ'ব লাগে বুলি দাবী উত্থাপন কৰে । পশ্চিম চূণপোৰা গাঁৱৰ গুৰুচৰণ গয়াৰীয়ে গাঁৱত মুকলি মঞ্চ লাগে বুলি কোৱাৰ লগে লগে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে কৰি দিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে  । সমান্তৰালভাৱে হাওৰাঘাট নগৰত ৰাস্তা পদুলিৰ উন্নয়নৰ হকে আৰ্থিক পেকেজৰ দাবী উত্থাপন কৰে স্থানীয় ৰাইজে । সভাত হাওৰাঘাটৰ বিধায়ক দৰছিং ৰংহাং আৰু ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেঙেও ভাষণ প্ৰদান কৰে ।

হাওৰাঘাট তুলিৰাম ৰংহাং