/asomiyapratidin/media/media_files/2025/05/13/KJtdRkKgf44GoVd864vd.jpg)
বৰদুৱাৰ ভূমি পট্টন দাবী সমিতিৰ ৰাজহুৱা সভা
ডিজিটেল সংবাদ, চানডুবি : দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ বৰদুৱাৰ চাহ বাগিচাৰ ভূমি বহুজাতিক কোম্পানীৰ হাতত গোটাই দিয়াৰ বাবে চলোৱা চৰকাৰী ষড়যন্ত্ৰৰ বিৰুদ্ধে অঞ্চলটোৰ ৰাইজে বিগত সময়চোৱাত কেইবাখনো প্ৰতিবাদী সভাৰ আয়োজন কৰিছিল। তেনে প্ৰতিবাদী সভাৰ বাতৰি বিভিন্ন মাধ্যমত প্ৰচাৰ হোৱাত চাহ বাগিচাৰ ভূমি কোনো বহুজাতিক কোম্পানীক গোটাই দিয়াৰ কোনো সিদ্ধান্ত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা নাই বুলিও জিলা প্ৰশাসনে স্পষ্টীকৰণ দিবলগীয়াও হৈছিল।
উল্লেখনীয় যে ২ এপ্ৰিলত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈ গ’ল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, পীযূষ হাজৰিকা, স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়া লগতে সাংসদ বিজুলী কলিতা মেধি আদি কৰি বহু সংখ্যক নেতাই নিৰ্বাচনী প্ৰচাৰ কাৰ্যত নামি পৰিছিল।
বাগান জাৰাপাটা ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীৰ উদ্ধৃতি দি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কৈছিল– আমাৰ মুখ্যমন্ত্ৰীয়ে বৰদুৱাৰ চাহ বাগিচাৰ পৰা মাটি কিনি হ’লেও জনজাতিলোক সকলক ম্যাদী পট্টা প্ৰদান কৰিব। তেওঁ কৈছিল– ম্যাদী পট্টাক লৈ ৰাইজৰ কোনো শংকাৰ কাৰণ নাই।
/asomiyapratidin/media/media_files/2025/05/13/B5u79riG7Yg4grFDgv1Y.jpg)
বাস্তৱ ক্ষেত্ৰত আজি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ প্ৰতিশ্ৰুতিৰ বিপৰীত হ’বলৈ গৈ আছে। যিটো প্ৰেক্ষাগৃহত মন্ত্ৰীগৰাকীয়ে ৰাইজক মিঠা মিঠা প্ৰতিশ্ৰুতি দিছিল সেই স্থানতে মঙলবাৰে বৰদুৱাৰ ভূমি পট্টনৰ দাবী সমিতিৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়।
ভূমি পট্টন দাবী সমিতিৰ মুখ্য সমন্বয়ক গোবিন্দ ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সংগঠনটোৰ বিষয়ববীয়া আদিত্য নাগে। উল্লেখ্য যে ছিংগাপুৰৰ এটা বহুজাতিক কোম্পানী আৰু দশম অসম আৰক্ষী বেটেলিয়নৰ শিবিৰ নিৰ্মাণৰ বাবে ১৮০০ বিঘা মাটিৰ প্ৰয়োজন। অঞ্চলটোৰ বাসিন্দা নৃপেন দলৈ, মণ্টু চাংমাই আজিৰ ৰাজহুৱা সভাত এই মন্তব্য ব্যক্ত কৰে।
আজি কিছুদিন আগতে পলাশবাৰী ৰাজহ চক্ৰৰ বিষয়ববীয়াসকলে ছিংগাপুৰৰ কোম্পানী এটিৰ প্ৰতিনিধিক বৰদুৱাৰ চাহ বাগিচা এলেকাৰ মুদুকী, বৰজুলি আদি অঞ্চল দেখুৱাই ফুৰিছিল। আনহাতে জি এম ডি এৰ এদল বিষয়ববীয়ায়ো বাগিচাখনৰ বিভিন্ন গাঁৱত ড্ৰোণ উৰুৱাই পৰ্যবেক্ষণ কৰি ফুৰিছিল।
জানিব পৰা মতে বৰ্তমান বৰদুৱাৰ চাহ বাগিচা এলেকাৰ গাঁওসমূহত প্ৰশাসনীয়লোকৰ সঘন আহ যাহ চলিব ধৰিছে । ইয়াৰ লগে লগে অঞ্চলটোৰ লোক সকলৰ মাজত তীব্ৰ উত্তেজনা বিৰাজ কৰিছে। ইপিনে সভাপতিৰ আসনৰ পৰাই গোবিন্দ ৰাভাই কয়– ব্ৰিটিছ ঔপনিৱেশিক চৰকাৰৰ ইষ্ট–ইণ্ডিয়া কোম্পানীৰ উদ্যোগত ১৮৬১ কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ বৰদুৱাৰত চাহ খেতিৰ পাতনি মেলিছিল।
/asomiyapratidin/media/media_files/2025/05/13/FSWVin1inoHTR1g0qRA3.jpg)
চাহ খেতিৰ বাবে কোম্পানীৰ মালিক ই পি আৰ গিলমেন চাহাবে১৩,৭০০ বিঘা ভূমি লাভ কৰিছিল। ১৯২৩ চনত বৰদুৱাৰ চাহ বাগিচা গিলমেন চাহাবৰপৰা কলিকতাৰ বণিকে বাগিচাখন ৯৯ বছৰৰ বাবে লীজ লৈছিল যদিও লীজৰ ম্যাদ ২০২৩ চনতেই উকলি গৈছিল।
তেওঁ কয়– ব্ৰিটিছে চাহ বাগিচা খোলাৰ আগতে সেই অঞ্চল সমূহত জনজাতীয়লোক সকলে বসবাস কৰিছিল। সেই সূত্ৰে মাটিৰ ম্যাদী পট্টাৰ বাবে বিভিন্ন সময়ত চৰকাৰক আবেদন–নিবেদন কৰি আহিছো। কিন্তু চৰকাৰে আমাক মাটিৰ ম্যাদী পট্টা আজি পৰ্যন্ত দিয়া নাই। সেয়া আমাৰ অপৰাধ হ’ল নেকি?
নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় বিষয়ববীয়া ৰামসিং দীয়াই কয়– চৰকাৰে ষড়যন্ত্ৰ কৰি আমাৰ চাহ বাগিচাৰ ভূমি যে কোনোবাক গোটাবলৈ গৈ আছে সেয়া বুজিবলৈ বাকী নাই। গতিকে আমাৰ প্ৰতিবাদী কাৰ্যসূচীৰ বাহিৰে বিকল্প ব্যৱস্থা নাই ।
সেয়ে আমি প্ৰতিবাদৰ বাবে সাজু হৈ উঠিবই লাগিব। আমি জানো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিবলৈ যাওতে বহু ঘাত- প্ৰতিঘাত আহিব। কিন্তু আমি যে প্ৰতিবাদ কৰি আছো সেই কথা দিল্লীক জনোৱাৰ ব্যৱস্থাও কৰিব লাগে।
/asomiyapratidin/media/media_files/2025/05/13/ietYJWQj2i7OPybjkDPI.jpg)
মোহন ৰাভাই কয়– কোম্পানী, আৰক্ষী কাকোৱেই মাটি দিব নোৱাৰো। মানে– চৰকাৰে দিব নোৱাৰাৰ ব্যৱস্থা কৰিম। এনেবোৰ চৰকাৰী ষড়যন্ত্ৰৰ বিৰূদ্ধে সোণাপুৰ, কাজিৰঙা, কাৰ্বিআংলংত যি আন্দোলন চলি আছে, একেই পন্থা গ্ৰহন কৰিম আমিও।
প্ৰকৃতিকৰ্মী পক্ষীৰাজ ৰাভাই কয়– বৰদুৱাৰ চাহ বাগিচাৰ ভূমি যদি চৰকাৰী ষড়যন্ত্ৰৰ হাতোৰাৰ পৰা মুক্ত নহয় তেনেহ’লে চানডুবি বিলখনো সুৰক্ষিত নহয়। ৰামপুৰৰ দৰাবিলৰ কথাই প্ৰমাণ কৰে। তেখেতে চৰকাৰৰ হঠকাৰী কাৰ্যৰ তীব্ৰ বিৰোধীতা কৰে।
সাংস্কৃতিক কৰ্মী জ্যোতিষ ৰাভাই নাগৰিকৰ মৌলিক অধিকাৰ পুৰণ কৰিবলৈ সক্ষম নোহোৱা চৰকাৰখনলৈ ধিক্কাৰ দিয়ে। বৰদুৱাৰ চাহ বাগিচাৰ ভূমিত চলি থকা চৰকাৰী ষড়যন্ত্ৰৰ বিৰুদ্ধে ভৱিষ্যতে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তুলিবই লাগিব। আজিৰ ৰাজহুৱা সভাত উপস্থিত থকা অঞ্চলটোৰ প্ৰতিগৰাকী লোক এই কাৰ্যসূচীৰ প্ৰতি সংকল্প গ্ৰহন কৰে।