/asomiyapratidin/media/media_files/2025/02/23/XgD462WvAl7vMKwxcbkL.jpg)
জাজৰিত সদৌ অসম গৰীয়া জাতীয় পৰিষদ জাজৰি আঞ্চলিক সমিতিৰ ৰাজহুৱা সভা
ডিজিটেল সংবাদ, বটদ্ৰৱা : মৰিগাঁও জিলাৰ জাজৰিত দেওবাৰে সদৌ অসম গৰীয়া জাতীয় পৰিষদ জাজৰি আঞ্চলিক সমিতিৰ এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। পৰিষদৰ জাজৰি আঞ্চলিকৰ সভাপতি আমিনুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আঞ্চলিকৰ সম্পাদক মইনুল হকে ৷
ৰাজ্যিক সাংগঠনিক সম্পাদক মুকিব আহমেদে আঁত ধৰা সভাখনত মৰিগাঁও , নগাঁও আৰু হোজাই জিলাৰ প্ৰতিনিধি সকলৰ লগতে কেইবাখনো আঞ্চলিকৰ বিষয়ববীয়া উপস্থিত থাকে ৷ উল্লেখ্য যে স্বদেশ, স্বজাতিৰ স্বাাৰ্থত একত্ৰিত হোৱা সদৌ অসম গৰীয়া জাতীয় পৰিষদে সফলতাৰে চাৰিটা বছৰ অতিক্ৰমি পঞ্চম বৰ্ষৰ দিশে আগবাঢ়িছে ৷
তদুপলক্ষে পৰিষদৰ প্ৰথম পঞ্চ- বাৰ্ষিক অধিবেশনখন অহা ২০২৬ চনৰ ১০ আৰু ১১ জানুৱাৰীত অসমৰ এখন অন্যতম গৰীয়া অঞ্চল জাজৰিত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি জানিবলৈ দিয়ে ৷ পাছত অহা জানুৱাৰী মাহত হ'বলগীয়া জাজৰি অধিবেশনৰ প্ৰস্তুতি সম্পৰ্কে বিষদভাৱে আলোচনা আগবঢ়াই পৰিষদৰ ৰাজ্যিক সভাপতি মইনুল ইছলাম আৰু ৰাজ্যিক উপ সভাপতি মোছলেহুল ইছলামে ৷
অধিবেশনৰ খবৰ শুনি সমজুৱাৰ বিভিন্ন জনে বিভিন্ন দিশত সু পৰামৰ্শ আগবঢ়াই সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷ আজিৰ সভাই অভ্যৰ্থনা সমিতি গঠন নকৰা পৰ্যন্ত অধিবেশন প্ৰাৰম্ভিক কাম কাজ আগবঢ়াই নিবৰ বাবে এখন তদাৰক সমিতি গঠনৰ সিদ্ধান্ত লয় ৷