ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত ঢকুৱাখনাত ৰাজহুৱা সভা...

ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ দাবী
ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ দাবী

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা আৰু নদীদ্বীপ মাজুলীৰ ভৌগোলিক অস্তিত্বৰ প্ৰতি মহা সংকট মাতি অনা ব্ৰহ্মপুত্ৰ নদৰ শিহৰণকাৰী গৰা খহনীয়াৰ ক্ষীপ্ৰ আৰু স্থায়ী প্ৰতিৰোধৰ দাবীৰে দেওবাৰে এক ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় ঢকুৱাখনাত। ঢকুৱাখনা মহকুমাৰ পূব ঢকুৱাখনা, মাতমৰা আৰু খেৰকটা পঞ্চায়তৰ অন্তৰ্গত বিস্তৰ এলেকাত গৰা খহনীয়া চলাই জনজীৱন বিপৰ্যস্ত কৰি তোলা এই স্পৰ্শকাতৰ সমস্যাৰ তাৎক্ষণিক সমাধানৰ দাবীত দেওবাৰে চিচি টেকেলিফুটা মথাউৰীৰ বাঘচুক অংশত অনুষ্ঠিত কৰা হয় এই ৰাজহুৱা সভা।

মিচিং জাতিয় সংগঠনৰ ঢকুৱাখনা জিলা সমিতিৰ উদ্যোগত প্ৰবীণ শিক্ষাবিদ বিশ্ব নাথ পেগুৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাত আদৰণি ভাষণ প্ৰদানেৰে সদৌ মিচিং ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক যতীন পেগুৱে যুগ যুগ ধৰি নদীপৰিয়া ৰাইজৰ লগতে ঢকুৱাখনা আৰু নদীদ্বীপ মাজুলীৰ ভৌগলিক অস্তিত্বলৈ অশনি সংকেত মাতি অনা এই ব্ৰহ্মপুত্ৰৰ সংহাৰী মূৰ্তিৰ স্থায়ী নিয়ন্ত্ৰণ কৰাত চৰকাৰ আৰু জলসম্পদ বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰি  এয়া  চৰম চৰকাৰী অবিচাৰ বুলি মত ব্যক্ত কৰে। 

নাৰ্য প্ৰাপ্য প্ৰাপ্তিৰ বাবে ভুক্তভোগী ৰাইজে  প্ৰতি নিয়ত গণতান্ত্ৰিক সংগ্ৰাম চলাই আহিব লগীয়া হোৱা প্ৰক্ৰিয়াৰ বিপৰীতে এনেবোৰ জটিল সমস্যাৰ প্ৰতি চৰকাৰ আৰু বিভাগৰ অমনোযোগিতা সহনীয় নহয় বুলিও মন্তব্য কৰে জাতিয় সংগঠনৰ কেন্দ্ৰীয় নেতা পেগুৱে। সভাত মিচিং জাতিয় সংগঠন মিচিং মিমাগ কৌবাংৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাংয়ে ঢকুৱাখনাৰ ভৌগলিক অস্তিত্বৰ প্ৰতিয়ে নহয় নদীপৰিয়াৰ জীৱন সম্পত্তিৰ প্ৰতি চৰম ভাবুকি মাতি অনা ব্ৰহ্মপুত্ৰৰ ধাৰাবাহিক আগ্ৰাসন দেখিও চৰকাৰ বিভাগে অমনোযোগী পদক্ষেপ গ্ৰহণ কৰি থকাৰ বাবে কৃষিজীৱী নদীপৰিয়াৰ ভৱিষ্যত অন্ধকাৰাচন্ন হৈ পৰা বুলি কয় ।

ব্ৰহ্মপুত্ৰৰ আগ্ৰাসী স্থিতিৰ স্থায়ী প্ৰতিৰোধৰ নামত চৰকাৰ, জলসম্পদ বিভাগ আৰু স্থানীয় জন প্ৰতিনিধিৰ উদাসীন ভূমিকাৰ লগতে প্ৰতাৰণা মূলক নিকৃষ্ট ৰাজনীতিক তীব্ৰ সমালোচনা কৰে কেন্দ্ৰীয় নেতা গৰাকীয়ে। কেৱল হিতাধিকাৰী সৃষ্টিমূলক আঁচনিৰ জৰিয়তে সৰ্বসাধাৰণ জীৱন সম্পত্তিৰ সুৰক্ষা সম্ভৱ নহয় বুলি কেন্দ্ৰীয় নেতা গৰাকীয়ে  মন্তব্য কৰি নাৰ্য প্ৰাপ্য আদায়ৰ বাবে ভুক্তভোগী ৰাইজে গণ সংগ্ৰামৰ বিকল্প নাই বুলি মন্তব্য কৰে।

চুংক্ৰাংয়ে  নিজৰ মন্তব্যত ৰাজ্য চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই কৰা মন্তব্যৰ তীব্র সকিয়নী দি কয় ঢকুৱাখনাৰ ভৱিষ্যতক লৈ আৰু হেতালি খেলিবলৈ দিয়া নহ'ব । ব্ৰহ্মপুত্ৰৰ শিহৰণকাৰী গৰাখহনীয়া ৰোধৰ বাবে অস্থায়ী প্ৰতিৰোধ ব্যৱস্থা  নালাগে ।  স্থায়ী প্ৰতিৰোধ ব্যৱস্থা হে আমাৰ কাম্য।  অস্থায়ী প্ৰতিৰোধৰ নামত চৰকাৰী লুণ্ঠন সহ্য কৰা নহব। লোটাচুৰৰ পৰা তাকাৰচুক পৰ্যন্ত

২২ কিলোমিটাৰ অংশ স্থায়ী খহনীয়া প্ৰতিৰোধৰ বাবে  তাৎক্ষণিক ভাৱে আঁচনি গ্ৰহণ কৰিবই লাগিব  বুলি সকিয়নী দি চুংক্ৰাংয়ে  কয় চৰকাৰ আৰু বিভাগক এসপ্তাহ সময় দিছোঁ । এই নিৰ্ধাৰিত সময়ৰ ভিতৰত  যদি বিহিত কাৰ্য ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ভুক্তভোগী নদীপৰিয়াৰ সহযোগত মহকুমাধিপতি, উপায়ুক্তৰ লগতে দিছপুৰত গণ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি সকিয়াই দিয়ে।

জনাকীৰ্ণ ৰাজহুৱা সভাত সদৌ মিচিং ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক  টুনিৰাম পাংগিংয়ে বক্তব্য ৰাখি মিচিং সমাজত বিভেদকামী ৰাজনীতি নকৰিবলৈ সকিয়াই দি অৰুণোদয়, পি এম কিষাণ ,স্বয়ম আঁচনিয়ে ঢকুৱাখনাৰ ভৌগলিক অস্তিত্ব সুৰক্ষিত কৰিব নোৱাৰে বুলি কৈ ৰাইজৰ জীৱন সম্পত্তি সুৰক্ষিত কৰাৰ বাবে গণ অভ্যুত্থানৰ বিকল্প নাই বুলি কয়।

ঢকুৱাখনা আৰু মাজুলীৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ  স্বাৰ্থত ভুক্তভোগী ৰাইজ সংগ্ৰামী হ'বই লাগিব বুলি কৈ এই সংগ্ৰাম বিজেপিৰ বিৰুদ্ধে কিম্বা ৰাজনীতিকৰ বিৰুদ্ধে নহয় , ঢকুৱাখনা মাজুলীবাসীৰ জীৱন সম্পত্তি সুৰক্ষিত কৰাৰ বাবে এই সংগ্ৰাম বুলি কয় । আন্দোলনৰ অবিহনে কোনোৱে আজিলৈকে প্ৰাপ্য  পোৱা নাই বুলি কৈ মিচিং জাতিয় সংগঠনৰ  দীৰ্ঘদিনীয়া আৰু ধাৰাবাহিক আন্দোলনৰ ফচল এই জিঅ' টিউব মথাউৰী বুলি কয়।

সভাত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক , টি এম পি কেৰ প্ৰাক্তন সম্পাদক পদ্মলোচন দলেয়ে বক্তব্য ৰাখি কয়, গৰা খহনীয়া আমাৰ উত্তৰণ আৰু উন্নয়নৰ প্ৰধান সমস্যা । মাতমৰা মথাউৰীৰ সবল নিৰ্মাণ আৰু খহনীয়া প্ৰতিৰোধৰ বাবে ২০০৭ চনৰ আগৰ পৰাই সংগ্ৰাম আৰম্ভ হৈছিল মিচিং জাতীয় সংগঠনৰ উদ্যোগত বুলি কৈ অস্তিত্বৰ সুৰক্ষাৰ বাবে জাতিয় সংগঠনে আজন্ম সংগ্ৰাম কৰি যাব আৰু বাৰিষাৰ আগে আগে বৈজ্ঞানিক পদ্ধতিৰে ভৌগলিক অস্তিত্ব সুৰক্ষিত কৰাৰ বাবে প্ৰয়োজনিয়তা আছে। আৰু ইয়াৰ বাবে  চৰকাৰক বাধ্য কৰিব লাগিব বুলি মন্তব্য কৰে দলেয়ে ।

সভাত  খেৰকটামুখ কনেঙ হাইস্কুলৰ প্ৰধান শিক্ষক তৰুণ কুমাৰ কুটুমে ব্ৰহ্মপুত্ৰৰ বুকুত বহু পৰিয়াল  ইতিমধ্যে নিশ্চিহ্ন হৈ গ'ল বুলি কৈ সাম্প্ৰতিক সময়তো গৰাখহনীয়া সমস্যই জটিল ৰূপ ধাৰণ কৰা স্বত্তেও  স্থায়ী সমাধান নোহোৱাত আক্ষেপ প্ৰকাশ কৰে।  ইয়াৰ পৰিপ্ৰেক্ষিতত মিচিং জাতিয় সংগঠনে অস্তিত্ব সুৰক্ষাৰ স্বাৰ্থত গণ সংগ্ৰামৰ নেতৃত্ব লোৱাৰ আহ্বান  জনাই প্ৰবীন শিক্ষাবিদ গৰাকীয়ে। ভুক্তভোগী অগণন ৰাইজ উপস্থিত থকা সভাতেই ঢকুৱাখনাৰ মহকুমাধিপতিৰ জৰিয়তে ৰাজ্য চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকালৈ এখন ৩ দফীয়া স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সভাত ভুক্তভোগী ৰাইজৰ লগতে জাতিয় সংগঠনৰ নেতা খনিন্দ্ৰ মেদক ,ক্ষীৰোদ পেগু , নাথুৰাম পেগু  , বৃগেন দলে ,দ্বীপেন দলে , ভূপেন দলে , মোহন পেগু , শিৰোমণি দলে ,কাশ্মিৰীকা দলে আদি গৰিষ্ঠ সংখ্যক উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in