চিলাপথাৰৰ বেকাজানত ৰাজহুৱা সভা : আন্দোলনৰ হুংকাৰ মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ

দেওবাৰে চিলাপথাৰ বৰমূৰিয়া বেকাজান প্ৰাথমিক বিদ্যালয়ৰ মুৰুং ঘৰত সদৌ অসম মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
চিলাপথাৰৰ বোকাজানত ৰাজহুৱা সভা : আন্দোলনৰ হুংকাৰ মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ

ডিজিটেল সংবাদ, চিলাপথাৰ : দেওবাৰে চিলাপথাৰ বৰমূৰিয়া বেকাজান প্ৰাথমিক বিদ্যালয়ৰ মুৰুং ঘৰত সদৌ অসম মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা। ৰান্ধনী সন্থাৰ ধেমাজি জিলাৰ সভানেত্ৰী ৰুপামনি চুতীয়াৰ সভাপতিত্বত অৰ্ধ শতাধিক মহিলাৰ উপস্থিতিত অনুষ্ঠিত হয় সভাখন।

উক্ত সভাতে একাংশ ৰান্ধনীয়ে প্ৰাপ্য পাৰিতোষিক আৰু অন্যান্য প্ৰাপ্য অধিকাৰ দাবীত শ্লোগান দি এক প্ৰকাৰ পৰিৱেশ উত্তাল কৰি তোলে। উল্লেখ্য যে, সন্থাৰ উপদেষ্টা বিমলা দলেই উদ্দেশ্য ব্যাখ্যা কৰা সভাই সদ্য ঘোষিত বাজেটত চৰকাৰে মধ্যাহ্ন ভোজনৰ ৰান্ধনিক দৰমহা দিয়াৰ কথা ঘোষণা কৰিছে কিন্তু দৰমহা কিমান আৰু ঘোষণা কেতিয়াৰ পৰা কাৰ্যকৰী হ'ব দিব সেইয়া স্পষ্ট কৰা নাই বুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। 

সমাগত অক্টোবৰ মাহৰ আগতে ৰান্ধনীসকলক মাননী প্ৰদানৰ বিষয়টোকো স্পষ্ট কৰাৰ দাবী জনায়। অন্যথা বাচন বৰ্তন লৈ তীব্ৰ আন্দোলন চলাব বুলি সকীয়াই দিয়ে। সভাখনত সদৌ অসম মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ সভানেত্ৰী খুদেজা খাতুন,লেহেৰুল ইচলাম,দীব্য ঠায়ে,মাধৱ কছাৰী,একাদশী চৰকাৰ,আশা দেৱীৰ লগতে ৰাইজৰ ফালৰ কেইবাজনো ৰান্ধনী সকলৰ বিভিন্ন সমস্যাৰ ওপৰত সাৰুৱা বক্তব্য প্ৰদান কৰে।

silapathar