ডলু গ্ৰীণ ফিল্ডত বিমান বন্দৰ স্থাপন সন্দৰ্ভত ৰাজহুৱা শুনানি

ৰাজ্যিক প্ৰদুষণ নিয়ন্ত্ৰণ বৰ্ডৰ উদ্যোগত ডলু চাহ বাগিচা সংলগ্ন হাতিছৰাত অনুষ্ঠিত এই ৰাজহুৱা শুনানিত বিভিন্ন চাহ শ্ৰমিক ইউনিয়ন আৰু শতাধিক বিভিন্ন সংগঠন আৰু ক্লাৱৰ নেতৃবৰ্গই অংশ কৰে।

author-image
Asomiya Pratidin
New Update
FRWADFASD

ডিজিচেল সংবাদ, শিলচৰঃ বহু বিতৰ্কিত প্ৰস্তাৱিত ডলু গ্ৰীণ ফিল্ডত বিমান বন্দৰ স্থাপন সন্দৰ্ভত সোমবাৰে ৰাজহুৱা শুনানি গ্ৰহণ কৰা হয়। ৰাজ্যিক প্ৰদুষণ নিয়ন্ত্ৰণ বৰ্ডৰ উদ্যোগত ডলু চাহ বাগিচা সংলগ্ন হাতিছৰাত অনুষ্ঠিত এই ৰাজহুৱা শুনানিত বিভিন্ন চাহ শ্ৰমিক ইউনিয়ন আৰু শতাধিক বিভিন্ন সংগঠন আৰু ক্লাৱৰ নেতৃবৰ্গই অংশ কৰে।

Advertisment

শুনানিৰ সময়ত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়তাৰ বাবে শুনানি এলেকা কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হয়।  দক্ষিণ অসমৰ ডিআ জি কংকণ জ্যোতি শইকীয়া, কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তোসহ আৰক্ষীৰ কেইবাজনো শীৰ্ষ বিষয়াই নিৰাপত্তাৰ দিশটো চোৱাচিতা কৰিছিল। প্ৰায় আঠ শতাধিক লোকৰ উপস্থিতিত ৰাইজৰ মতামত গ্ৰহণ কৰে কাছাৰ জিলা আয়ুক্ত মৃদুল যাদৱ, ৰাজ্যিক প্ৰদুষণ নিয়ন্ত্ৰণ বৰ্ডৰ সদস্য সচিব গকুল ভূঞা আৰু শিলচৰ প্ৰদুষণ নিয়ন্ত্ৰণ বৰ্ডৰ বিষয়া অৰবিন্দ দাসে। 

জিলা আয়ুক্ত মৃদুল যাদৱে সংবাদ মাধ্যমক অৱগত কৰা অনুসৰি, শুনানিত ১৫১ খন মেম'ৰেণ্ডাম লাভ কৰে প্ৰশাসনে। ইয়াৰে ৯০ শতাংশই ডলুত বিমানবন্দৰ স্থাপন হ'ব লাগে মতামত ব্যক্ত কৰে। এই  ১৫১ খন মেম'ৰেণ্ডামৰ ভিতৰত বিভিন্ন সংগঠনে ৩২ গৰাকী ব্যক্তিয়ে তেওঁলোকৰ মতামত দাঙি ধৰে। এই ৩২ গৰাকী ব্যক্তিৰ ভিতৰত ২৫ গৰাকীয়ে ডলু গ্ৰীণ ফিল্ড বিমান বন্দৰ স্থাপনৰ পক্ষত নিজৰ মতামত ব্যক্ত কৰে। আনহাতে, ৩ গৰাকী লোকে বিৰোধীতা কৰাৰ বিপৰীতে আন ৩ গৰাকীয়ে চাহ শ্ৰমিক সকলক পুনৰ সংস্থাপন দিয়াৰ পক্ষত মতামত দাঙি ধৰে। সোমবাৰে গ্ৰহণ কৰা এই শুনানিৰ ভিডিঅ' সহ সকলো তথ্য চৰকাৰক দাখিল কৰিব বুলিও সাংবাদিকৰ আগত সদৰী কৰে জিলা আয়ুক্ত মৃদুল যাদৱে।

ডলু চাহ বাগিছা