/asomiyapratidin/media/media_files/2025/07/20/ap-for-web-dog-2025-07-20-15-37-00.jpg)
ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰীৰ অগ্ৰণী সামাজিক সংগঠন কল্পজ্যোতি ফাউণ্ডেচনে দেওবাৰে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰে। জ্বলাতংক ৰোগৰ প্ৰতিৰোধ আৰু ইয়াৰ সজাগতা অনাৰ উদ্যেশ্যে চহৰখনৰ পথত ঘূৰি-ফুৰা কুকুৰবোৰক কল্পজ্যোতি ফাউণ্ডেচনৰ উদ্যোগত ৰেবিচ ভেকচিন প্ৰদান কৰা হয়।
উল্লেখযোগ্য যে, ধুবুৰী চহৰৰ ২ নং ৱাৰ্ড এলেকাত আজি কল্পজ্যোতি ফাউণ্ডেচনে ধুবুৰী জিলা পশুপালন বিভাগ, ধুবুৰী জিলা যুটীয়া স্বাস্থ্য বিভাগ আৰু ধুবুৰী জিলাৰ বিলাসীপাৰাৰ ফ্ৰেইণ্ডছ অব অল এনিমেলছ নামৰ এটি পশুপ্ৰেমী সংগঠনৰ সহযোগত এই বিনামূলীয়া ৰেবিচ ভেকচিন প্ৰদান কাৰ্যসূচীৰ ৰূপায়ণ কৰে। ধুবুৰী চহৰৰ ১৬ টা ৱাৰ্ডতে পথৰ কুকুৰবোৰক ৰেবিচ ভেকচিন প্ৰদান কৰিবলৈ আগৱাঢ়ি অহা কল্পজ্যোতি ফাউণ্ডেচনে আজি ধুবুৰীৰ ২ নং ৱাৰ্ড এলেকাৰ পৰা এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।