Advertisment

ৰাহুল শ্বাহৰ হত্যাৰ ন্যায় বিচাৰি মঙলদৈ সদৰ থানা ঘেৰাও স্থানীয় ৰাইজৰ...

এডাল গছত গলত কাপোৰেৰে মেৰিয়াই থোৱা অৱস্থাত প্ৰত্যক্ষ কৰিছিল মৃতদেহটো। লগে লগে স্থানীয় ৰাইজে মঙলদৈ আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈছিল ঘটনাস্থলীত। ৰাইজৰ অভিযোগ অনুসৰি এয়া হত্যাকাণ্ড।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,মঙলদৈঃ  মঙলদৈৰ নিকতৱৰ্তী গেৰিমাৰী কৃষ্ণ নগৰত ৰাহুল শ্বাহ নামৰ এজন কিশোৰৰ মৃতদেহ উদ্ধাৰ হৈছিল বছৰৰ প্ৰথম দিনটোতেই । এই ঘটনা এক হত্যাকাণ্ড বুলি ৰাইজে দাবী কৰি ইয়াৰ এক উচিত তদন্ত বিচাৰিছে। তদন্ত লেহেমীয়া হোৱাৰ প্ৰতিবাদত শনিবাৰে স্থানীয় ৰাইজে মঙলদৈ সদৰ থানা ঘেৰাও কৰে।

Advertisment

মঙলদৈ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে তদন্ত অব্যাহত আছে আৰু কম সময়ৰ ভিতৰত ঘটনাৰ প্ৰকৃত ৰহস্য উদঘাটন হ’ব বুলি কয় ৷

উল্লেখযোগ্য যে এডাল গছত গলত কাপোৰেৰে মেৰিয়াই থোৱা অৱস্থাত প্ৰত্যক্ষ কৰিছিল মৃতদেহটো। লগে লগে স্থানীয় ৰাইজে মঙলদৈ আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈছিল ঘটনাস্থলীত। ৰাইজৰ অভিযোগ অনুসৰি এয়া হত্যাকাণ্ড। প্ৰেম জনিত কাৰণতে এই হত্যা কাণ্ড সংঘটিত হোৱা বুলি ৰাইজে দাবী কৰিছে।
ইতিমধ্যে ৰাহুলৰ প্ৰেয়সী সহ তিনিগৰাকী ছোৱালীৰ নাম উল্লেখ কৰি পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছিল। লগতে ৰাহুলক হত্যা কৰি ওলোমাই থোৱা বুলি মন্তব্য কৰে ৰাইজে ।উল্লেখযোগ্য যে বৰ্তমানলৈকে কোনো লোকক আৰক্ষীয়ে আটক নকৰাৰ প্ৰতিবাদত স্থানীয় ৰাইজে থানা ঘেৰাও কাৰ্যসূচী ৰূপায়ন কৰে।

প্ৰতিবাদ