/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/7f6e6488-9db1-49e1-8a67-cc3c90761ae4/koliyabor_protibad.jpg)
koliyabor protest
ডিজিটেল সংবাদ,কলিয়াবৰঃ জনজাতিকৰণৰ দাবীত শুকুৰবাৰে কলিয়াবৰত কোচ ৰাজবংশী সন্মিলনীৰ তীব্র প্ৰতিবাদ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰি কলিয়াবৰৰ আমবাগানত কোচ ৰাজবংশী সন্মিলনীৰ লোক সকলে প্ৰতিবাদ সাব্যস্ত কৰে। অৰ্ধ শতাধিক প্ৰতিবাদকাৰীয়ে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানৰে আকাশ-বতাহ উত্তাল কৰি তোলে ।
অতি শীঘ্ৰে কোচ ৰাজবংশী লোক সকলক জনজাতিকৰণ নকৰিলে অনাগত দিনত ৰাজপথ ,ৰেলপথ অৱৰোধ কৰি প্ৰতিবাদ কৰাৰ হুংকাৰ দিয়ে । উল্লেখ্য যে কোচ ৰাজবংশী যুৱ ছাত্র সন্মিলন আৰু মহিলা সন্মিলনীৰ লোক সকলেও এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।