আদানি গ্রুপক ভূমি প্ৰদানৰ বিৰোধিতাৰে অব্যাহত আছে প্ৰতিবাদ

শেহতীয়াকৈ বাসবাৰীত অসম চৰকাৰ আৰু বিটিআৰ পৰিষদীয় চৰকাৰে আদানী গ্রুপক তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে ৩০০০ হাজাৰ বিঘা ভূমি আবন্টন দিয়াৰ কথা পোহৰলৈ অহাৰ পিছতেই স্থানীয় ভূমিপুত্ৰ বড়ো জনগোষ্ঠীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

author-image
Asomiya Pratidin
New Update
vdfgdfds

ডিজিটেল সংবাদ,পৰ্বতঝোৰাঃ পৰ্বতঝোৰা বাসবাৰীৰ পাগলীঝোৰাত আদানি গ্রুপক ভূমি প্ৰদানৰ বিৰোধিতাৰে অব্যাহত আছে প্ৰতিবাদ। শেহতীয়াকৈ বাসবাৰীত অসম চৰকাৰ আৰু বিটিআৰ পৰিষদীয় চৰকাৰে আদানী গ্রুপক তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে ৩০০০ হাজাৰ বিঘা ভূমি আবন্টন দিয়াৰ কথা পোহৰলৈ অহাৰ পিছতেই স্থানীয় ভূমিপুত্ৰ বড়ো জনগোষ্ঠীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

Advertisment

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদানী গ্ৰুপক তাপ বিদ্যুৎ প্ৰকল্প যদি বিটিআৰ বাসীয়ে নিবিচাৰে তেন্তে আমি ধুবুৰী বা গোৱালপাৰালৈ লৈ যাম বুলি ঘোষণা কৰাৰ পিছতো প্ৰতিবাদী ৰাইজ আশ্বস্ত হোৱা নাই। যেতিয়ালৈকে কাৰ্য্যালয়ৰ পৰা লিখিত নিৰ্দেশনা নাপায় তেতিয়ালৈকে প্ৰতিবাদ অব্যাহত থাকিব বুলি মন্তব্য কৰে ৰাইজে। উল্লেখযোগ্য যে, বুধবাৰে প্ৰতিবাদী ৰাইজৰ হৈ বড়ো ভাষাৰ জনপ্রিয় সংগীত শিল্পী বিগৰায় ব্ৰহ্ম আৰু গৌতম ব্ৰহ্ম প্ৰতিবাদী গান গাই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

ইফালে, মুখ্যমন্ত্ৰীয়ে ৮০টা পৰিয়ালে চাৰি হাজাৰ বিঘা ভূমি দখল কৰি আছে বুলি কৰা মন্তব্য সন্দৰ্ভত উল্লেখ কৰে যে, "মুখ্যমন্ত্ৰীক ভুল তথ্য দিছে। সেয়ে তেখেত নাজানে ইয়াৰ পৰিৱেশ কি হৈ আছে। পৰ্বতঝোৰাত চলি থকা আন্দোলন ৰাজনীতি কৰা হৈছে সাধাৰণ মানুহক উচটনি দিয়া হৈছে।" আনহাতে, প্ৰমোদ বড়োৱে কৰা মন্তব্য বিৰুদ্ধে কয় যে, "ইয়াত কাৰো উচটনিত আন্দোলন হোৱা নাই, প্রমোদ বড়োই মিছা মাত মাতি আছে। তেওঁ ব্যক্তিগত লেনদেন কৰি ৰাইজৰ প্ৰতিবাদক নেওচি জোৰ-জবোৰদস্তি কৰি তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিব খুজিছে" বুলি মন্তব্য কৰিছে ৰাইজে।
 

আদানি গ্ৰুপ পৰ্বতঝোৰা