জধে মধে গছকটাৰ বিৰোধিতাৰে যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

শেনচোৱাত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ৰাইজে ৰোপণ কৰা শতিকা প্ৰাচীন গছবোৰ পথ সম্প্ৰসাৰণৰ নামত জধে মধে কটাৰ বিৰোধিতা কৰিছে জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে।

author-image
Asomiya Pratidin
New Update
dsdsdsd

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁৱৰ প‌্ৰৱেশদ্বাৰ শেনচোৱাত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ৰাইজে ৰোপণ কৰা শতিকা প্ৰাচীন গছবোৰ পথ সম্প্ৰসাৰণৰ নামত জধে মধে কটাৰ বিৰোধিতা কৰিছে জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে। উক্ত স্থানত গছ কটা বন্ধ কৰক, গড়কাপ্তানী বিভাগ হায় হায় ,বন বিভাগ হায় হায় আদি বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে।

Advertisment

কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়াই চিপকো আন্দোলনৰ দৰে এই গছ সমূহ সাৱটি ধৰি কয় "এই গছ আমি কাটিবলৈ নিদিওঁ"। লগতে তেওঁ উল্লেখ কৰে যে, "আমাক বহনক্ষম উন্নয়নৰ প্ৰয়োজন কিন্তু জধে মধে পৰিকল্পনা বিহীনভাৱে গছ কাটিবলৈ দিয়া নহ'ব।" লগতে জিলা সমিতিৰ সভাপতি প্ৰবাল শৰ্মাই কয় যে, "বেলেগ ৰাজ্যত গছ সমূহ কাটিব লগীয়া হলেও নকটাকৈ স্থানান্তৰহে কৰে। গছ কটাৰ আগতে পৰ্যাপ্ত গছ ৰোপণ কৰিব লাগে। কিন্তু সেয়া দেখুৱাই কৰি পাছত ৰোপণ কৰা গছৰ যতন নোলোৱাৰ ফলশ্ৰুতিত গছবোৰ মৰি যায়। বহু কেইজোপা গছ ইতিমধ্যে কটাৰ বিচাৰ কোনে কৰিব?"

WhatsApp Image 2025-06-24 at 4.51.07 PM

ইফালে তাৎক্ষণিকভাবে গছ কটাৰ উমান পাই উক্ত স্থানত উপস্থিত হয়গৈ জিলা সমিতিৰ সাধাৰণ সম্পাদক হেমন্ত দাস, যুটীয়া সম্পাদক দীপাংকৰ শৰ্মা, শিক্ষা সম্পাদক প্ৰাণজিত দেৱনাথ। সজাতি দলৰ উপস্থিতিৰ পাছতেই বিভাগীয় লোকে উক্ত স্থান ত্যাগ কৰে। সতীৰ্থৰ উপস্থিতিত গছ কটা কাৰ্য্য বন্ধ কৰি দিয়ে জাতীয় পৰিষদে।

নগাঁও নগাঁও চহৰ