/asomiyapratidin/media/media_files/2025/06/07/7TGCOkVbAbpxhUNJKX1C.jpg)
আমছুৰ প্ৰতিবাদ
ডিজিটেল সংবাদ, কামপুৰঃ ঈদৰ নামাজ আদায়ৰ পাছতে কামপুৰত প্ৰতিবাদত নামিল আমছু। আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম চৰকাৰৰ নিৰ্দেশমৰ্মে বিদেশীৰ নামত অসমৰ সংখ্যালঘু লোকৰ লগত হোৱা অমানৱীয় ব্যৱহাৰৰ বিৰুদ্ধে সমগ্ৰ অসমৰ লগতে নগাঁও জিলাৰ অন্তৰ্গত কচুৱা, লংজাপ, হাতীপুখুৰী আদি এলেকাত প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হয়। পবিত্ৰ ঈদৰ নামাজ আদায় কৰাৰ পাছত সকলোৱে কলা বেজ পৰিধান কৰি মৌন প্ৰতিবাদ কাৰ্যসূচী পালন কৰে।
উল্লেখযোগ্য যে, সংখ্যালঘুৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰা বন্ধ কৰা, সংখ্যালঘু ভাৰতীয় নাগৰিকৰ সাংবিধানিক অধিকাৰ ৰক্ষা কৰা, বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক কৰি অহা হাৰাশাস্তি বন্ধ কৰা, আইনী শাসন মানি চলা, ভাৰতীয় ন্যায় ব্যৱস্থাক সন্মান কৰা, সংখ্যালঘূ সম্প্ৰদায়ৰ ওপৰত চলাই থকা অমানৱীয় অত্যাচাৰ বন্ধ কৰা, বিদেশীৰ নামত ৰাজনীতি কৰা বন্ধ কৰা, ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছৰ বিদেশীক আইনগতভাবে বিতাৰণ কৰা, বিদেশীৰ নামত স্বদেশী নাগৰিকক কৰি থকা অত্যাচাৰ বন্ধ কৰা, এনআৰচি প্ৰস্তুতকৰণ সম্পূৰ্ণ কৰা, এনআৰচি সম্পূৰ্ণ কৰি ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ প্ৰদান কৰা, সংখ্যালঘুসকলক সমমৰ্যদা-সমঅধিকাৰ প্ৰদান কৰা, সংবিধান ৰক্ষা কৰা আদি দাবীৰে আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিদেৰ্শত প্ৰতিবাদী কাৰ্যসূচী পালন কৰে।