ধেমাজিত কংগ্ৰেছৰ অনুসূচিত জাতি কোষৰ কৰ্মীৰ প্ৰতিবাদী সমদল

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি. আৰ. গাবাই ওপৰত অলপতে হোৱা আক্রমণৰ প্ৰতিবাদত মঙ্গলবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ অনুসূচিত জাতিৰ কোষৰ ধেমাজি জিলা সমিতিৰ দুই শতাধিক কৰ্মীয়ে এক প্ৰতিবাদী সমদল কাৰ্য্যসূচী অনুষ্ঠিত কৰে

author-image
Asomiya Pratidin
New Update
528

ডিজিটিল সংবাদ, ধেমাজি : উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি. আৰ. গাবাই ওপৰত অলপতে হোৱা আক্রমণৰ প্ৰতিবাদত মঙ্গলবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ অনুসূচিত জাতিৰ কোষৰ ধেমাজি জিলা সমিতিৰ দুই শতাধিক কৰ্মীয়ে এক প্ৰতিবাদী সমদল কাৰ্য্যসূচী অনুষ্ঠিত কৰে ৷ হাতে-হাতে বেনাৰ , পোষ্টাৰ , প্লে'কাৰ্ড লৈ ধেমাজি  জিলা  কংগ্ৰেছৰ কাৰ্য্যালয় ইন্দিৰা ভৱনৰ পৰা ধেমাজি তিনি আলিলৈকে প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ বিৰুদ্ধে বিভিন্ন শ্লোগানে উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

বহু সময় ধৰি প্ৰতিবাদৰ অন্তত এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত হয় ৷  প্ৰতিবাদী সভাত অসম প্ৰদেশ কংগ্ৰেছৰ অনুসূচিত জাতিৰ কোষৰ অধ্যক্ষ কৃষ্ণা দাসে উপস্থিত থাকি বক্তব্যত একমাত্ৰ অনুসূচীত জাতি হোৱা বাবেই এনেদৰে আদালতৰ মজিয়াতেই আক্ৰমণ কৰে বুলি মন্তব্য কৰে।

তেওঁ কয়- স্বাধীনতা ৭৮ বছৰৰ পিছতো যদি ভাৰতৰ দলিত মুখ্য ন্যায়াধীশগৰাকী উচ্চতম ন্যায়লয়ৰ ভিতৰতে সুৰক্ষিত নহয় , তেন্তে ই আমাৰ জাতিটোৰ দলিত পুৰুষ -মহিলাৰ বাবে উপলব্ধ সুৰক্ষা, মৰ্যাদা , ন্যায়ৰ ওপৰত এক গুৰুতৰ প্ৰশ্নৰ
উত্থাপন হৈছে বুলি উল্লেখ কৰে ৷ অধ্যক্ষগৰাকীয়ে  আক্ৰমণকাৰী অধিবক্তাজনক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় ৷

প্ৰতিবাদী সভাত অসম প্ৰদেশ কংগ্ৰেছৰ অনুসূচিত জাতিৰ কোষৰ সমন্বয়ক দীনেশ দাস , অসম প্ৰদেশ কংগ্ৰেছৰ অনুসূচিত জাতিৰ কোষৰ উপ- সভাপতি ৰখেন্দ্ৰ দাস , কংগ্ৰেছৰ অনুসূচিত জাতিৰ কোষৰ ধেমাজি জিলাৰ সভাপতি পবিত্ৰ শইকীয়া ,
ধেমাজি জিলা কংগ্ৰেছৰ সভাপতি তিলক ফুকনকে ধৰি প্ৰায় দুই শতাধিক কৰ্মীয়ে উপস্থিত থাকে ৷ শেষত প্ৰতিবাদকাৰীসকলে ধেমাজি জিলা আয়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ এখনি স্মাৰকপত্ৰ প্ৰদান কৰে ৷

ধেমাজি