ফ'ৰলেন সন্দৰ্ভত জখলাবন্ধাত বিশাল প্ৰতিবাদী ৰাজহুৱা সভা

নগাঁও জিলাৰ কলিয়াবৰ তিনিআলিৰ পৰা জখলাবন্ধা হৈ নুমলিগড়লৈকে নিৰ্মাণ কৰিবলগীয়া প্ৰস্তাবিত ফ'ৰলেন ৰাষ্ট্ৰীয় ঘাইপথটোৰ দিশ সলনি কৰাৰ চেষ্টা চলোৱাা দুষ্কাৰ্যৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ উঠিছে কলিয়াবৰৰ বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজ ৷

author-image
Asomiya Pratidin
New Update
344

ডিজিটেল সংবাদ,কলিয়াবৰ : জনস্বাৰ্থলৈ পিঠি দি একাংশ ক্ষমতাশালী ৰাজনৈতিক ব্যক্তিয়ে ব্যক্তিগত পূৰণৰ অভিসন্ধিৰে নগাঁও জিলাৰ কলিয়াবৰ তিনিআলিৰ পৰা জখলাবন্ধা হৈ নুমলিগড়লৈকে নিৰ্মাণ কৰিবলগীয়া প্ৰস্তাবিত ফ'ৰলেন ৰাষ্ট্ৰীয় ঘাইপথটোৰ দিশ সলনি কৰাৰ চেষ্টা চলোৱাা দুষ্কাৰ্যৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ উঠিছে কলিয়াবৰৰ বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজ ৷

Advertisment

স্থিতাৱস্থাৰ পৰিবৰ্তে চাহবাগিছা,কৃষিভূমি,জলাশয়,আৰ্দ্ৰভূমিৰ বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই কলিয়াবৰ তিনিআলিৰ পৰা বামুনি ,চিকনি চাহবাগিছা হৈ নুমলিগড়লৈকে একাংশ মন্ত্ৰী-বিধায়কে ক্ৰয় কৰা বিশাল কৃষিভূমিৰ সন্মুখেৰে এই ৰাষ্ট্ৰীয় ঘাইপথটো পাৰ কৰি নিয়াৰ কুটিল অভিসন্ধিৰ বিষয়ে সম্প্ৰতি দল-সংগঠন নিৰ্বিশেষে মুকলি বিষোদগাৰ প্ৰকাশ কৰিছে।

চৰকাৰৰ এই জনবিৰোধী পদক্ষেপৰ বিৰুদ্ধে মঙলবাৰে মুকলি বিদ্ৰোহৰ প্ৰতিফলন ঘটে ৷ এই উপলক্ষে মঙ্গলবাৰে বিয়লি কলিয়াবৰৰ জখলাবন্ধাৰ মিলন সংঘত অনুষ্ঠিত হয় বিশাল প্ৰতিবাদী সভা ৷

সভাত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মৃগাংক শেখৰ ভৰালী হাজৰিকাই চৰকাৰী এই নেতিবাচক কাৰ্যকলাপত তীব্ৰ সমালোচনা কৰে। তেওঁ কয়- কলিয়াবৰ তিনি আলিৰ পৰা জখলাবন্ধাৰ মাজেৰে চাৰি লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হবৈ লাগিব। কলিয়াবৰ তিনিআলিৰ পৰা জখলাবন্ধা চহৰৰ মাজেদি থিৰাং হৈ থকা চাৰিলেনযুক্ত পথটি অন্য দিশেৰে নিবলৈ চেষ্টা কৰা কাৰ্যই বহুজনৰে জীৱন নিৰ্বাহৰ ক্ষেত্ৰত ভাবুকি কঢ়িয়াই আনিব।

এই অঞ্চলতে কলিয়াবৰৰ ৰাইজৰ ভৱিষ্যত দিনৰ যাতায়ত ব্যৱস্থাৰ সমস্যা,হাজাৰ হাজাৰ লোকৰ ব্যৱসায় বাণিজ্যৰে  জড়িত হৈ জীৱন নিৰ্বাহ কৰি আছে । সেয়েহে সহস্ৰাধিক লোকৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত কলিয়াবৰ তিনিআলিৰ পৰা চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটি অন্য দিশেৰে নিৰ্মাণ নকৰি জখলাবন্ধাৰ মাজেৰে নিৰ্মাণ কৰাটো নিতান্তই প্ৰয়োজনীয় ।

উত্তৰ প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত এই চহৰৰ মাজেদি চাৰিলেনযুক্ত পথটি নিৰ্মাণ কৰিবলৈ আমাৰ লগতে  চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ দাবী সমিতিকে ধৰি কলিয়াবৰৰ জাতীয় সংগঠন অনুষ্ঠানৰ বিষয়ববীয়া সকলে দিনে নিশাই প্ৰচেষ্টা চলাই আহিছে । উক্ত পথটি যাতে ষড়যন্ত্ৰ কৰি অন্য দিশে নিব নোৱাৰে তাৰ বাবে  তাৰ বাবে আমি ঐক্যবদ্ধতাৰে যুঁজ দিব লাগিব ৷

বিগত দিনসমূহত ফ’ৰলেন দাবী সমিতিয়ে কৰি যোৱা কাম-কাজৰ খাতিয়ান সবিস্তাৰে দাঙি ধৰা সভাখনত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতিৰ সাধাৰন সম্পাদক মৃগাংক বৰাই চৰকাৰৰ জনবিৰোধী কাৰ্যকলাপক তীব্ৰ সমালোচনা কৰি কয়- মাটিখাইটি এগৰাকী  মহিলাৰ প্ৰায় এশ বিঘা মাটিক সুৰক্ষা প্ৰদানৰ বাৱেই জনস্বাৰ্থৰ পিনে পিঠি দি ফ’ৰলেন পথটোৰ গতি সলাবলৈ চলোৱা অপচেষ্টাক আমি তীব্ৰ ভাষাৰে গৰিহনা দিছো ।  

এই বিষয় সন্দৰ্ভত স্থানীয় বিধায়ক তথা ৰাজহ মন্ত্ৰী কেশৱ মহন্তৰ দুমুখীয়া চৰিত্ৰ উন্মোচন ঘটা বুলি যুৱ নেতাগৰাকীয়ে অভিযোগ উত্থাপন কৰি মন্ত্ৰী কেশৱ মহন্তক স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায় । তেওঁ লগতে কয় ৰাঙলু অঞ্চলৰ বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠান, এনিমেল কৰিডৰৰ দোহাই দি বন্ধ কৰিলে যদিও চৰকাৰৰ পৃষ্ঠপোষকতাত গঢ়লৈ উঠা ডাঙৰ ডাঙৰ হোটেল, ৰেষ্টুৰাসমূহ এনিমেল কৰিডৰৰ ভিতৰত নপৰে কিয় বুলি প্ৰশ্ন কৰে? তেওঁ সেইসমূহ অট্টালিকা ভাঙিবলৈ চৰকাৰৰ সাহস হ'ব নে বুলিও প্ৰশ্ন উত্থাপন কৰে।

চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ দাবী সমিতিৰ সভানেত্ৰী মিনু শ‌ইকীয়াৰ সভাপতিত্ব অনুষ্ঠিত সভাখনত সদনে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি শৰ্মা ভূঞাই ফ’ৰলেন দাবী সমিতিৰ সভানেত্ৰী আৰু সম্পাদক ক্ৰমে মিনু শইকীয়া আৰু প্ৰদীপ লস্কৰৰ বিৰুদ্ধে দিয়া মান হানি গোচৰ তৰা কাৰ্যক সমালোচনা কৰাৰ লগতে  ফ’ৰলেন দাবী সমিতিৰ আইনী যুদ্ধখনত সহায়ৰ হাত আগবঢ়োৱা প্ৰখ্যাত আইনজীবি উপমণ্যু হাজৰিকাক কৃতজ্ঞতা জ্ঞাপন কৰে ৷ দাবী সমিতিৰ সম্পাদক প্ৰদীপ লস্কৰে উদেশ্য বাখ্যা কৰা সভাখনত পৰবৰ্তী পৰ্যায়ত ফ’ৰলেনৰ গুৰুত্ব সন্দৰ্ভত সজাগতা তথা সচেতনতা বৃদ্ধিৰ বাৱে কলিয়াবৰৰ বিভিন্ন অঞ্চলত গাঁওসভা অনুষ্ঠিত কৰাৰ পোষকতা কৰা হয় ।

কলিয়াবৰৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা জখলাবন্ধাৰ প্ৰায় চাৰি সহস্ৰাধিক ব্যৱসায়ী তথা ৰাইজ সমবেত হোৱা  সভাত আইনী উপদেষ্টা প্ৰশান্ত শইকীয়া,সমাজকৰ্মী লেখনাথ শৰ্মাকে ধৰি বহুকেইজন ব্যক্তিয়ে ভাষণ দিয়ে ৷

প্ৰতিবাদ