/asomiyapratidin/media/media_files/2025/05/28/jhmJ3AzKjISDiT34NJTB.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ : অসমত বিদেশীৰ সন্দেহত প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত চলা হাৰাশাস্তিৰ বিৰুদ্ধে বুধবাৰে কোকৰাঝাৰত এবিএমছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে কোকৰাঝাৰ জিলা এবিএমছুৰ উদ্যোগত এবিএমছুৰ ভোটগাঁওস্থিত মুখ্য কাৰ্যালয় প্ৰাংগনত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়।
এবিএমছুৰ প্ৰায় শতাধিক সদস্যই বিক্ষোভ -প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। তদুপৰি এবিএমছুৰ মুখ্য কাৰ্যালয় ভোটগাঁৱৰ পৰা ৰাজপথলৈ এক প্ৰতিবাদী সমদলো বাহিৰ কৰা হয় ।
প্ৰতিবাদৰ সময়ত এবিএমছুৰ সদস্যসকলে বিদেশীৰ নামত ধৰ্মীয় সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বন্ধ কৰক , স্বদেশীৰ ওপৰত অত্যাচাৰ বন্ধ কৰক , অসম চৰকাৰ হায় হায়, বিটিচি চৰকাৰ গ' বেক , হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি ইত্যাদি শ্লোগানেৰে পৰিৱেশ উত্তপ্ত কৰি তোলে । ইপিনে এবিএমছুৰ সাধাৰণ সম্পাদক জাইদুল ইছলামে অসমত বিদেশীৰ সন্দেহত প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত চলা হাৰাশাস্তিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয় যে চৰকাৰে পাকে-প্ৰকাৰে ধৰ্মীয় সংখ্যালঘু সকলক "টাৰ্গেট" কৰি লৈ হাৰাশাস্তি আৰম্ভ কৰিছে।
১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা হিন্দু-মুছলমান সকলোকে বিতাড়ন কৰাত এবিএমছুৰ কোনো আপত্তি নাই বুলি সদৰী কৰি জাইদুল ইছলামে কয় যে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পূৰ্বে অহা এজনো সদস্যক হাৰাশাস্তি কৰিলে এবিএমছু হাতসাৱটি বহি নাথাকে আৰু তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব।
দাড়ি-টুপি-লুঙি দেখিলেই ধৰ্মীয় সংখ্যালঘু লোকক হাৰাশাস্তি কৰা, গ্ৰেপ্তাৰ কৰাৰ যি প্ৰৱণতা তাৰ তীব্ৰ বিৰোধিতা কৰি ধৰ্মীয় সংখ্যালঘুক নি:শেষ কৰাৰ পৰিকল্পনাক ধিক্কাৰ দিয়ে এবিএমছুৰ সাধাৰণ সম্পাদক জাইদুল ইছলামে। আনহাতে প্ৰতিবাদথলীত এবিএমছুৰ কাৰ্যকাৰী সভাপতি মইনুদ্দিন আলিয়ে বিজেপি চৰকাৰে ক্ষমতাৰ অপব্যৱহাৰ কৰি ডি-ভোটাৰ, বিদেশীৰ নামত জাননি লাভ কৰা, গোচৰ চলি থকা লোকসকলক আটক কৰি ডিটেনচন কেম্পত ৰাখি আৰু তাৰপৰা বাংলাদেশ পঠিয়াই দিয়া কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি সদৰী কৰি ধৰ্মীয় সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বন্ধ কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায় ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক্ষমতাৰ গাদীত থাকি ক্ষমতাৰ অপব্যৱহাৰেৰে ধৰ্মীয় সংখ্যালঘুসকলক নিৰ্যাতন কৰি যদিহে গাদীত থাকিব বুলি ভাৱি আছে তেনেহলে সেয়া ভুল ভাৱি আছে বুলি মন্তব্য কৰি মইনুদ্দিন আলিয়ে ডি ভোটাৰৰ বাবে বিজেপিতকৈ কংগ্ৰেছ বেছি দায়ী বুলি মন্তব্য কৰিছে। অসম চৰকাৰে শেহতীয়াভাৱে বাংলাদেশলৈ বিতাড়ণ কৰা ১৪ গৰাকী নাগৰিকক ঘূৰাই আনিবলৈ আহ্বান জনাইছে মইনুদ্দিন আলিয়ে।