কাজলগাঁৱত ভেঞ্চাৰ শিক্ষক সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

প্ৰচণ্ড গৰমৰ মাজতো শুকুৰবাৰে চিৰাং জিলা সদৰ কাজলগাঁৱত সদৌ বিটিআৰ ভেঞ্চাৰ প্ৰাথমিক শিক্ষক সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে

author-image
Asomiya Pratidin
New Update
কাজলগাঁৱত ভেঞ্চাৰ শিক্ষক সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

ডিজিটেল সংবাদ, চিৰাং : প্ৰচণ্ড গৰমৰ মাজতো শুকুৰবাৰে চিৰাং জিলা সদৰ কাজলগাঁৱত সদৌ বিটিআৰ ভেঞ্চাৰ প্ৰাথমিক শিক্ষক সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । বিগত সময়ছোৱাত অসম চৰকাৰৰ শিক্ষা বিভাগৰ লগতে বিটিচি প্ৰশাসনে ভেঞ্চাৰ বিদ্যালয়সমূহক অতিশীঘ্ৰেই প্ৰাদেশিকীকৰণ কৰা হ’ব বুলি কেইবাবাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্ত আজিলৈকে সেই প্ৰতিশ্ৰুতি কেবল প্ৰতিশ্ৰুতিয়ে থাকি গ’ল, এটাও দাবী কাৰ্য্যকৰী নকৰিলে। 

Advertisment

সেয়ে ইয়াৰ প্ৰতিবাদত ভেঞ্চাৰ শিক্ষকসকলে প্ৰতিবাদস্থলীতে আৰক্ষীৰ সন্মুখতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগু আৰু বিটিচি প্ৰধান প্ৰমোদ বড়োৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিমূৰ্তিত অগ্নি সংযোগ কৰাৰ সময়তে আৰক্ষীয়ে বাধা প্ৰদান কৰি জুই নিৰ্বাপিত কৰে । 

আজি অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা ভেঞ্চাৰ শিক্ষকসকলে কয় যে বিটিআৰ চুক্তিৰ ৬.৩ দফাত বিটিআৰ এলেকাত থকা সকলো ভেঞ্চাৰ বিদ্যালয়সমূহ প্ৰাদেশীকৰণ কৰা হ’ব । কিন্তু  বিটিআৰ চুক্তি স্বাক্ষৰিত হোৱা চাৰি বছৰ উকলি পাঁচ বছৰ হ’বৰ হ’লেই দুৰ্ভাগ্যজনক কথা যে আজিলৈকে বিটিআৰ চুক্তিৰ ৬.৩ দফা কাৰ্য্যকৰী নহ’ল । 

প্ৰতিবাদী কাৰ্যসূচী

ইয়াৰ বাবে জগৰীয়া হৈছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৰ লগতে বিটিচি প্ৰধান প্ৰমোদ বড়ো । তেখেতসকলৰ এই ব্যৰ্থতাৰ প্ৰতিবাদ জনাই আজি সদৌ বিটিআৰ ভেঞ্চাৰ প্ৰাথমিক শিক্ষক সন্থাৰ হৈ শিক্ষক -শিক্ষয়িত্ৰীৰসকলে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত বহি ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে । অসম চৰকাৰ তথা বিটিচি প্ৰশাসনে যদি তেওঁলোকৰ দাবী পূৰণ নকৰে তেনেহ’লে অনাগত দিনত দুৰ্ভগীয়া শিক্ষক-শিক্ষয়িত্ৰীসকলে আইন হাতত তুলি লৈ ৰে’ল অৱৰোধৰ দৰে কাৰ্য্যসূচী ৰূপায়ন কৰাৰ হুংকাৰ প্ৰদান কৰে । 

আনি পিনে আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত ইউপিপিএল তথা প্ৰমোদ বড়োক ভেঞ্চাৰ শিক্ষকসকলৰ পৰিয়ালে উচিত শিক্ষা কৰা হ’ব বুলি সকিয়াই দিয়ে। আজি প্ৰতিবাদকাৰীসকলে ইউপিপিএল চৰকাৰ মুৰ্দাবাদ, প্ৰমোদ বড়ো হায় হায়, বিজেপি চৰকাৰ মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা হায় হায়, ভেঞ্চাৰ বিদ্যালয়ক লৈ ৰাজনীতি কৰা বন্ধ কৰক আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ অন্তত জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

chirang chirang dc office