/asomiyapratidin/media/media_files/2025/06/10/Z5xbbsOD5ByBDkqa4IU0.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ : অসমৰ প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত বিদেশীৰ নামত চলা হাৰাশাস্তিৰ বিৰুদ্ধে মঙলবাৰে কোকৰাঝাৰত এবিএমছুৱে তীব্ৰ প্ৰতিবাদ সাৱস্থ্য কৰে। এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু কোকৰাঝাৰ জিলা সমিতিৰ সহযোগত ছালাকাটি ঈদগাহ ময়দানত আয়োজিত হোৱা জনজাগৰণ সভাৰ প্ৰতিবাদথলীত প্ৰখৰ ৰ'দ আৰু গৰমক নেওঁচি এবিএমছুৰ কেবাশতাধিক সদস্য- কৰ্মী-সমৰ্থকে অংশগ্ৰহণ কৰে।
প্ৰতিবাদকাৰীসকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লেকাৰ্ড লৈ ব্যাপক চৰকাৰ বিৰোধী শ্লোগান নিক্ষেপ কৰি পৰিস্থিতি উত্তাল কৰি তোলে। এবিএমছু জিন্দাবাদ,আমাক ন্যায় লাগে, হিমন্ত বিশ্ব শৰ্মা হায় হায়, প্ৰমোদ বড়ো হায় হায়, ধৰ্মীয় সংখ্যালঘুৰ ওপৰত চলা অত্যাচাৰ বন্ধ কৰক আদি ইত্যাদি শ্লোগানেৰে ছালাকাটিৰ পৰিৱেশ মুখৰিত কৰি তোলে প্ৰতিবাদকাৰীসকলে ।
ইপিনে জনজাগৰণ সভা তথা প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সংবাদমাধ্যমৰ আগত এবিএমছুৰ সভাপতি টাইছন হুছেইনে চৰকাৰৰ পৃষ্ঠপোষকতাতে প্ৰকৃত ভাৰতীয় নাগৰিকক ৰাষ্ট্ৰহীন কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ চলিছে বুলি বিস্ফোৰক মন্তব্য কৰে। তেওঁ কয় যে অসমত বিদেশীৰ নামত মুছলিমক টাৰ্গেট কৰি হাৰাশাস্তি কৰা হৈছে। ধৰ্মীয় সংখ্যালঘু লোকসকলক অবৈধভাৱে পুছবেক কৰি ন মেনছলেণ্ডত এৰি দিয়া কাৰ্য অমানবীয় আৰু অকল মুছলমান হোৱা বাবে এনে কাৰ্য কৰা হৈছে বুলি অভিযোগ কৰে।
ইয়াৰে কিছুমানক ঘূৰাই অনা হৈছে যদিও বিটিআৰৰ ৫ খন জিলাৰ ১৬ জন ধৰ্মীয় সংখ্যালঘু লোক এতিয়াও নিৰুদ্দেশ হৈ আছে বুলি অভিযোগ কৰি নিৰুদিষ্ট লোকসকলক যোৱা ২৩ মে'ৰ পৰা ২৭ মে'ৰ ভিতৰত ধৰি নিয়া হৈছিল বুলি অভিযোগ কৰে । টাইছন হুছেইনে সদৰী কৰা মতে নিৰুদিষ্ট লোকসকল হ'ল ক্ৰমে কোকৰাঝাৰ চেচাপানীৰ বিচিৰণ বিবি , আচাভানু বিবি , সুৰিয়াভান বিবি, তুলসীবিলৰ চায়েদ আলি , গকুলকাটাৰ ফজিৰন বিবি , তিনি নং শিমুলটাপুৰ ফিৰোজা বিবি , মদাতিৰ আলাউদ্দিন শ্বেখ , চিৰাং জিলাৰ পূৱ এংকৰবাৰীৰ সোৰাব আলি পাৰামানিক , ছাতিপুৰৰ সাহা আলি , শালঝোৰাৰ মজিবুৰ শ্বেখ, ছাতিপুৰৰ আব্দুল শ্বেখ , উলুবাৰীৰ সেখান বেপাৰী, ২ নং গৰইমাৰীৰ চামচুল শ্বেখ , ওদালগুৰীৰ ওৰাং চুবুৰা চুবুৰীৰ আব্দুল কাছেম , আব্দুল আলি , তামোলপুৰৰ শশীপুৰ দৰঙ্গামেলাৰ মৰিয়ম বেগম।
উল্লেখিত নিৰুদিষ্ট লোকসকলৰ শীঘ্ৰে সন্ধান দিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে এবিএমছুৱে। টাইছন হুছইনে কয় যে এটা পৰিয়ালৰ ১০ জন ভাৰতীয় অথচ এজন সদস্যক বিদেশী সজোৱা হৈছে আৰু ই কেনেকৈ সম্ভৱ বুলি প্ৰশ্ন উত্থাপন কৰি অসমত বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়াটোৱে ক্ৰটিপূৰ্ণ বুলি মত প্ৰকাশ কৰে।
প্ৰকৃততে নিৰ্বাচন জিকিবলৈ ধৰ্মীয় সংখ্যালঘুৰ ওপৰত এইবোৰ নাটক আৰু এই নাটকৰ প্ৰযোজক হ'ল হিমন্ত বিশ্ব শৰ্মা বুলি উল্লেখ কৰি ধৰ্মীয় সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বন্ধ কৰাৰ দাবীত অহা ২৫ জুনত গুৱাহাটীৰ চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হ'ব বুলি সদৰী কৰে । তদুপৰি সংসদৰ বৰ্ষাকালিন অধিবেশনৰ সময়ছোৱাতে অৰ্থাৎ ২১ জুলাইত নতুন দিল্লীৰ যন্তৰ মন্তৰতো বৃহৎ প্ৰতিবাদী কাৰ্য ৰূপায়ন কৰা হ'ব বুলি সদৰি কৰে টাইছন হুছেইনে ।
এনআৰচিৰ বাকী থকা কামখিনি সম্পূৰ্ণ কৰি এনআৰচিক পূৰ্ণাঙ্গ ৰূপ দিয়া , ধৰ্মীয় সংখ্যালঘু লোকৰ ওপৰত অত্যাচাৰ , উৎপীড়ন , হাৰাশাস্তি বন্ধ কৰা , প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশীৰ লেবেল লগাই হাৰাশাস্তি বন্ধ কৰাৰ সপক্ষে মত প্ৰকাশ কৰি টাইছন হুছেইনে কয় যে চৰকাৰৰ নিৰ্দেশত বিদেশী ন্যায়াধীকৰণে ধৰ্মীয় সংখ্যালঘু লোকসকলক টাৰ্গেট কৰিছে । সামান্য নাম ভুলক লৈও ধৰ্মীয় সংখ্যালঘুৰ লোকক বিদেশী সজোৱাৰ চেষ্ঠা চলিছে বুলিও অভিযোগ কৰে টাইছন হুছেইনে।
আনহাতে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োকো কঠোৰ সমালোচনা এবিএমছুৰ সভাপতি টাইছন হুছেইনে কয় যে মুছলমানৰ দুখত ঘঁৰিয়ালৰ চকুপানী টোকা প্ৰমোদ বড়োই বিটিআৰৰ ১৬ জন ধৰ্মীয় সংখ্যালঘুৰ লোক নিৰুদ্দেশ হৈ থকাৰ পিছতো কোনো খবৰ লোৱা নাই । অহা চেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া বিটিচি নিৰ্বাচনত প্ৰমোদ বড়োক উচিত প্ৰত্যুত্তোৰ দিয়া হ'ব বুলিও হুংকাৰ দিয়ে টাইছন হুছেইনে । উল্লেখ্য যে ছালাকাটিত অনুষ্ঠিত হোৱা জনজাগৰণ সভা তথা প্ৰতিবাদী কাৰ্যসূচীত এবিএমছুৰ সভাপতি টাইছন হুছেইনৰ উপৰিও সাধাৰণ সম্পাদক জাইদুল ইছলাম , উপ সভাপতি মইনুদ্দিন আলি আদিকে ধৰি কেন্দ্ৰীয় নেৰ্তৃবৰ্গ উপস্থিত থাকে।