/asomiyapratidin/media/media_files/2024/12/19/XHqbvqJ5UdJSqBSvAurS.jpg)
ডিজিটেল সংবাদ, শিলচৰ: বুধবাৰে গুৱাহাটীত ৰাজনৈতিক দলৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰি আহত কৰা ঘটনাৰ প্ৰতিক্ৰিয়াস্বৰূপে শিলচৰতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়।
কাছাৰ ই-মিডিয়া জাৰ্নালিষ্ট এছ’ছিয়েশ্যনৰ উদ্যোগত ক'লা বেজ পৰিধান কৰি এই ঘটনাৰ প্ৰতিবাদ কৰাৰ লগতে গৰিহণা দিয়া হয় । ক্লাৱৰোডৰ ক্ষুদিৰাম মূৰ্তিৰ সম্মুখত একত্ৰিত হৈ সাংবাদিক সকলে প্ৰতিবাদ সাব্যস্ত কৰে।
আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰাৰ ফলত অসুস্থ হোৱা সাংবাদিক সকলক বিনামুলীয়া চিকিৎসা প্ৰদান কৰাৰ লগতে অসমৰ বিভিন্ন জিলাত কৰ্মৰত সাংবাদিক সকলক সুৰক্ষা প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনোৱা হয় । লগতে ঘটনাৰ উচিত তদন্তৰ দাবী জনায় কাছাৰ ই-মিডিয়া জাৰ্নালিষ্ট এছোছিয়েছনে ।