/asomiyapratidin/media/media_files/2025/07/05/vv-2025-07-05-23-26-48.jpg)
ডিজিটেল ডেস্কঃ সাংবাদিক মাধুৰ্য শইকীয়াক চিলাপথাৰত আক্ৰমণ কৰা ঘটনাৰ প্ৰতিবাদত নগাঁও প্ৰিন্ট মিডিয়া এচচিয়েছন আৰু 'আজু'ৰ নগাঁও জিলা সমিতিৰ সদস্য সকলে যৌথভাবে ক'লা বেজ পৰিধান কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। নগাঁও শ্বহীদ ভৱনৰ সন্মুখত সাংবাদিকসকল সমবেত হৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত নগাঁও জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
স্মাৰক পত্ৰত সাংবাদিকৰ নিৰাপত্তা সু নিশ্চিত কৰা, বিগত সময়ত সাংবাদিকক অপমান কৰা তথা সাংবাদিক আক্ৰমণৰ ঘটনাৰ উচিত তদন্তৰে দোষীক শাস্তি প্ৰদান কৰা, সাংবাদিক আৰু সাংবাদিকৰ পৰিয়ালৰ জীৱন বীমা তথা স্বাস্থ্য বীমাৰ ব্যৱস্থা কৰা দাবী উল্লেখ আছে।
প্ৰতিবাদী কাৰ্যসূচীত নগাঁও প্ৰিন্ট মিডিয়া এচচিয়েছনৰ কাৰ্যকৰী সভাপতি হেমেন কুমাৰ দাস,উপসভাপতিত্ৰয় পলাশ প্ৰতীম হাজৰিকা, হৰেশ্বৰ বৰা, অজয় মাহাতু, আজুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ফাইজুৰ ৰহমান,'আজু'ৰ নগাঁও জিলা সমিতিৰ সম্পাদক ছফিকুৰ ৰহমান, জ্যেষ্ঠ সাংবাদিক সুনীল ৰয়,ৰবীন্দ্ৰ শ্বাহ,মুৰুলী বৰুৱা,বিকাশ শৰ্মা, নগাঁও প্ৰিন্ট মিডিয়া এচচিয়েছনৰ সম্পাদক চন্দনজ্যোতি বৰা, নগাঁও প্ৰেছ ক্লাৱৰ প্ৰাক্তন সম্পাদক অজিত শইকীয়া, নগাঁও প্ৰিন্ট মিডিয়া এচচিয়েছনৰ সহকাৰী সম্পাদকদ্বয় নাজিম উদ্দিন আহমেদ আৰু ভাস্কৰজ্যোতি শইকীয়া,নগাঁও প্ৰিন্ট মিডিয়া এচচিয়েছনৰ প্ৰচাৰ সম্পাদকদ্বয় ৰাজজ্যোতি দাস আৰু সুৰজ কুমাৰ বৰা,সাংবাদিক গকুল ভাৰতী, গোপাল ৰয়,লক্ষ্যজ্যোতি বৰা, প্লাবিতা হাজৰিকা আদি উপস্থিত থাকে।
ইফালে শিলচৰতো সাংবাদিক মাধুৰ্য শইকীয়াক এদল দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰা ঘটনাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সাংবাদিক সকলে। কাছাৰ জাৰ্নালিষ্ট ই-মিডিয়া এচোছিয়েছন আৰু শিলচৰ প্ৰেছ ক্লাৱৰ উদ্যোগত শিলচৰ প্ৰেছ ক্লাৱৰ সন্মুখত আয়োজন কৰা এক প্ৰতিবাদী কাৰ্যসূচীত সাংবাদিক মাধুৰ্য শইকীয়াক দলবদ্ধ ভাবে আক্ৰমণ কৰা ঘটনাৰ তীব্ৰ নিন্দা জনোৱা হয়।
গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত এইদৰে দলবদ্ধভাবে আক্ৰমণ কৰা ঘটনাৰ সৈতে জড়িত দোষী ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিবলৈ দাবী জনাই সাংবাদিকসকলে। প্ৰতিবাদী কাৰ্যসূচীত ই-মিডিয়া সাংবাদিক সংস্থাৰ সভাপতি অভিজিত ভট্টাচাৰ্য্য, উপ-সভাপতি অনিৰুদ্ধ লস্কৰ, সাধাৰণ সম্পাদক বিক্ৰম সৰকাৰ, শিলচৰ প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক শংকৰ দে, সাংবাদিক সমীন সেন ডেকা, অজিত দাস, দিলোৱাৰ হুছেইন, সুৰজিত চক্ৰবৰ্তী, দিলীপ কুমাৰ সিং, বাবলু ৰাজভাৰ, বিশ্বজিৎ ৰয়, ৰমিজ উদ্দিন, আফজল হুছেইন, অৰূপ নন্দী, হিমাংশু ৰয় আদি উপস্থিত থাকে।