/asomiyapratidin/media/media_files/2024/12/10/8P2AxBkIWnPnfV2RlEd0.jpg)
ডিজিটেল সংবাদ, বঢ়মপুৰ : নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপৰ মতিৰাম বৰা উদ্যানত মঙলবাৰে ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ সদস্যসকলে মিকিৰ বামুণীত আজুৰ পাৱাৰ ফৌৰটি প্ৰা: লি: কোম্পানীয়ে সংঘটিত কৰা ৰাজ্যখনৰ বিয়াগোম ভূমি কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত ডেৰ ঘন্টাৰ ধৰি বিক্ষোভ প্ৰদৰ্শন কৰে । প্ৰায় অৰ্ধ শতাধিক লোকে অংশগ্ৰহণ কৰা এই বিক্ষোভত মিকিৰ বামুণীৰ প্ৰসংগৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধ কৰা , নিবনুৱা যুৱক-যুৱতীৰ কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰা , মনিপুৰত সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰাৰ আদিৰ দাবীৰ সন্দৰ্ভতো বিক্ষোভ প্ৰদৰ্শন কৰা হয়।
/asomiyapratidin/media/media_files/2024/12/10/jv6XsdNuzIPf7AvrubbK.jpg)
তদুপৰি আজুৰ পাৱাৰ আৰু আদানী গ্ৰুপৰ কেলেংকাৰীৰ যথোচিত তদন্তৰ বাবে যৌথ সংসদীয় সমিতি গঠন কৰাৰ দাবীত মতিৰাম বৰা উদ্যান উত্ৰাৱল কৰি তোলে বিক্ষোভকাৰীসকলে । বিক্ষোভকাৰীসকলৰ সন্মুখত বক্তব্য দাঙি ধৰে চি পি আইৰ নগাঁও জিলা সম্পাদক ৰাতুল বৰা, সহকাৰী সম্পাদক জিতু কুমাৰ নাথ আৰু জিলা পৰিষদৰ সদস্য চিকাৰী ৰংপীয়ে ।
বক্তাসকলে বৰ্তমানৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ দুখন সকলো ক্ষেত্ৰতে বিফল হৈ দৰিদ্ৰ মেহনতী জনতাৰ ভূমি কাঢ়ি নি কৰ্প'ৰেটক গতাই দিয়াত উঠি-পৰি লাগিছে গতিকে এই জন বিৰোধী নীতিৰ বিৰুদ্ধে জনগণ ৰাজপথলৈ ওলাই আহি তীব্ৰ গণতান্ত্ৰিক গণ-আন্দোলন গঢ়ি তোলাৰ আহ্বান জনায়। লগতে ইয়াৰ বিকল্প নাই বুলি উল্লেখ কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us