মক্ৰং চাহ বাগিছাত আটছাৰ প্ৰতিবাদী কাৰ্যসূচী

চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা আৰু চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদান কৰা দাবীত মক্ৰং চাহ বাগিচাত আটছা ফৰকাটিং শাখাই এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷

author-image
Asomiya Pratidin
New Update
12

ডিজিটেল সংবাদ, ঘিলাধাৰী : চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা আৰু চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদান কৰা দাবীত মক্ৰং চাহ বাগিচাত আটছা ফৰকাটিং শাখাই এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বাগিছাখনৰ ৪ শতাধিক শ্ৰমিকে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

কাৰ্যসূচীত শ্ৰমিকসকলে শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰক,৩৫১ টকা আমাক লাগিবই, ভূমি পট্টা প্ৰদান কৰক, আটছা জিন্দাবাদ আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰে। ইয়াৰ উপৰি বাগিছা খেলপথাৰৰ পৰা মক্ৰং চাহ বাগিছাৰ কাৰ্যালয়লৈ সমদল কৰি দাবী সমূহ শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ বাগিছাখনৰ কৰ্তৃপক্ষৰ যোগেদি গোলাঘাট জিলা আয়ুক্তলৈ স্মাৰকপত্ৰ প্ৰদান কৰে ৷

প্ৰতিবাদ