/asomiyapratidin/media/media_files/2025/04/27/j9fHZagvRhsigY84ZRd5.jpg)
ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰী জিলাৰ কেন্দ্রীয় ট্রেড ইউনিয়ন সমুহ আৰু সংযুক্ত মৰ্চাৰ আহ্বানত কাশ্মীৰৰ পেহেলগামত সন্ত্রাসবাদৰ জৰিয়তে হোৱা নৃশংস হত্যাকাণ্ডক ধিক্বাৰ জনাই দেওবাৰে দুপৰীয়া গৌৰীপুৰত বিক্ষোভ প্রদর্শন কৰে। লগতে সন্ত্রাসবাদ তথা মৌলবাদক কঠোৰভাৱে দমন কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় ।
এনে ধৰণৰ জঘন্য ঘটনাৰ যাতে পুনৰাবৃত্তি হ’ব নোৱাৰে, তাৰ বাবে চৰকাৰক সকলো ধৰণৰ ব্যৱস্থা লোৱাৰ লগতে ঘটনাৰ সঠিক তদন্ত কৰি ঘটনাৰ লগত জড়িত সন্ত্রাসবাদীসকলক কঠোৰ শাস্তি বিহাৰ দাবী জনাই ইউনিয়নৰ নেতৃবৃন্দই বক্তব্য আগবঢ়ায়। চি আই টি ইউৰ পৰা ৰামেশ্বৰ সেন, জেপি মজুমদাৰ, দেবব্রত বসু, জগদীশ দাশ, নঈমুদ্দিন খান, এআইইউটিইউচি ৰ পৰা আজাহৰ হুচেইন, ইউটিইউচিৰ পৰা ৰবীন্দ্ৰ নাৰায়ণ মণ্ডল, সুধীন ৰায় আদি উপস্থিত থাকে।
উল্লেখযোগ্য যে, মানৱতাৰ শত্রু সন্ত্রাসবাদ - মৌলবাদ নিপাত যাওক, মেহনতী মানুহৰ ঐক্য গঢ়ি তোলাৰ আহ্বান জনাই কাৰ্যসূচী সমাপ্ত কৰা হয়।