/asomiyapratidin/media/media_files/2025/08/23/151-2025-08-23-21-27-15.jpg)
ডিজিটেল সংবাদ, ধেমাজি : জমিয়ত উলেমা ই-হিন্দৰ মুৰব্বীৰ বক্তব্যই জ্বলাইছে অসম ৷ জমিয়ত উলেমা ই হিন্দৰ মুৰব্বী মৌলনা মেহমুদ মাদানীৰ বিৰুদ্ধে গৰজি উঠিছে দল-সংগঠন ৷
ৰাজ্যজুৰি দাহ কৰা হৈছে মাদানীৰ প্ৰতিকৃতি ৷ শিৱসাগৰৰ আমগুৰি, লখিমপুৰ, ধেমাজিত জাতীয় দল-সংগঠনে ৰূপায়ণ কৰিছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৷ মুখ্যমন্ত্ৰীক পদত্যাগ কৰিবলৈ কোৱা মাদানীক শেষ সকীয়নি দিছে জাতীয়তাবাদী সংগঠনে ৷
শনিবাৰে ধেমাজিত ১০টা জাতীয় সংগঠনে মৌলনা মেহমুদ আছাদ মাদানীৰ বিৰুদ্ধে ৰূপায়ণ কৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৷ সদৌ তাই আহোম ছাত্ৰ সন্থা, বীৰ লাচিত সেনা, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা, সদৌ অসম চুতীয়া জাতি ছাত্ৰ সন্থা, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, সদৌ অসম গৌৰ্খা ছাত্ৰ সন্থা, সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে নাথ যোগী ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত আৰু ৰাইজৰ সহযোগত উক্ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ম কৰা হয় ৷
প্ৰতিবাদকাৰীসকলে অসমত মিঞাৰ দপদপনি নচলিব, অসমত খিলঞ্জীয়াৰ আধিপত্য লাগিবই, মৌলনা মেহমুদ মাদানী মুৰ্দাবাদ, জমিয়ত ই-হিন্দ মুৰ্দাবাদ আদি ধ্বনি দি ৰাজপথত প্ৰতিবাদী সমদল উলিয়াই মাদানীৰ প্ৰতিকৃতি দাহ কৰে ৷ যৌথ মঞ্চই জমিয়ত উলেমা ই হিন্দৰ মুৰব্বী মৌলনা মেহমুদ মাদানীয়ে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক লৈ উচ্চতম ন্যায়লয়ক দিয়া সাম্প্ৰদায়িক আবেদন অতি নিন্দনীয় আৰু গৰ্হিত বুলি উল্লেখ কৰি মাদানীৰ এই কাৰ্যক তীব্ৰ গৰিহণা দিয়ে ৷
যৌথ মঞ্চই কয় যে মাদানীয়ে কিহৰ ভিত্তিত ড০ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ পদ খাৰিজ কৰাৰ বাবে ন্যায়ালয়ত আবেদন কৰিছে তাৰ উত্তৰ আমাক লাগিব ৷ যিসকল সন্দেহযুক্ত নাগৰিক, বহিৰাগত লোকে অসমৰ চৰকাৰী ভূমিত বসবাস কৰিবলৈ চেষ্টা চলাইছিল, সেইসকল সন্দেহযুক্ত লোকক আমাৰ শ্ৰদ্ধাৰ, সকলোৰে মৰমৰ, আপোন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ কৰি অসমৰ খিলঞ্জীয়া লোকসকলক সুৰক্ষিত কৰাৰ বাবেই আজি মৌলনা মেহমুদ মাদানীয়ে এনেধৰণ পন্থা অৱলম্বন কৰা বুলি অভিযোগ উত্থাপন কৰে ছাত্ৰ সংগঠনকেইটাই ৷
মাদানীৰ এই পন্থাই অসমীয়া, খিলঞ্জীয়া লোকৰ আৱেগ-অনুভূতিত পদাঘাত কৰা বুলি ছাত্ৰ সংগঠনকেইটাই মন্তব্য কৰে ৷ যৌথ মঞ্চই কয় যে মুখ্যমন্ত্ৰীগৰাকীয়ে খিলঞ্জীয়া লোকসকলক সুৰক্ষিত কৰাৰ লগতে অসমৰ মহাপুৰুষ, বীৰ-বীৰংগনাসকলক ৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি কৰি দি অসমৰ সম্পদসমূহ সুৰক্ষিত কৰিবলৈ যি চেষ্টা চলাইছে, সেই চেষ্টাক মষিমূৰ কৰাৰ কাৰণে জমিয়ত উলেমা ই-হিন্দ নামৰ সংগঠনটোৱে এনে নিন্দনীয় কাৰ্য সংঘটিত কৰিছে ৷
ছাত্ৰ সংগঠনকেইটাই জমিয়ত উলেমা ই-হিন্দ নামৰ সংগঠনটোক নিষিদ্ধ ঘোষণা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ লগতে অসম চৰকাৰক দাবী জনোৱাৰ লগতে মৌলনা মেহমুদ আছাদ মাদানীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় ৷ ইপিনে, জমিয়ত উলেমা ই-হিন্দ তথা সংগঠনটোৰ মুৰব্বী মৌলনা মেহমুদ মাদানীৰ এই কাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জাতীয়তাবাদী নেতা চিটু বৰুৱাই ৷
তেওঁ কয় যে জমিয়ত উলেমা ই-হিন্দ মানেই মিঞা ৷ জমিয়ত উলেমা ই-হিন্দ মানেই কংগ্ৰেছ ৷ এইখন অসমত জমিয়ত উলেমা ই-হিন্দৰ দপদপনি নচলিব বুলি মন্তব্য কৰি দম আছে যদি মাদানীয়ে অসমত উচ্ছেদ বন্ধ কৰি দেখুৱাওক বুলি মাদানীক মুকলি প্ৰত্যাহ্বান জনায় চিটু বৰুৱাই ৷