/asomiyapratidin/media/media_files/2025/09/06/267-2025-09-06-17-59-05.jpg)
ডিজিটেল সংবাদ, ধেমাজি : শনিবাৰে চিচিবৰগাঁৱত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযান চমুকৈ SLRMৰ অধীনৰ ধেমাজি জিলা চিচিবৰগাঁও প্ৰকল্প প্ৰৱন্ধকৰ কাৰ্য্যালয়ৰ বেংক মিত্ৰ জিন্টি চুতীয়া বুঢ়াগোঁহাইয়ে অঞ্চলটোৰ ৪৫ টা আত্মসহায়ক গোটৰ প্ৰায় ২ কোটিতকৈ অধিক টকাৰ ঋণৰ কিস্তিৰ ধন আত্মসাৎ কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে বেংক মিত্ৰগৰাকীক গ্ৰেপ্তাৰৰো দাবী তোলে।
উল্লেখযোগ্য যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিমৌ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু কৃষক মুক্তি ধেমাজি জিলা সমিতিৰ সহযোগত শতাধিক প্ৰতিবাদকাৰীয়ে অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ চিচিবৰগাঁও প্ৰকল্প প্ৰৱন্ধকৰ কাৰ্য্যালয় ঘেৰাও কৰি প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে ৷ কাৰ্য্যসূচীৰ অন্তত এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত হয় ৷
প্ৰতিবাদী সভাত ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি যদুমনি গগৈ , সম্পাদক দূৰ্গা বড়া , জিলা প্ৰাক্তন সম্পাদক প্ৰহলাদ ফুকন , জিলা উপদেষ্টাদ্বয় নাৰায়ন বৰা আৰু ভৱেশ পেগু, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্য্যকৰী সভাপতি মন্টু কাৰ্দ্দং , ছাত্ৰ মুক্তি জিলা সমিতিৰ সভাপতি অভিজিত খনিকৰ উপস্থিত থাকে ৷ শেষত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিমৌ আঞ্চলিকৰ সভাপতি ৰাতুল চুতীয়া আৰু সাধাৰণ সম্পাদক হেমচন্দ্ৰ চুতীয়াৰ দ্বাৰা স্বাক্ষৰিত ছয়টা সম্বলিত দাবী স্মাৰকপত্ৰখনি চিচিবৰগাঁও ৰাজহ চক্ৰৰ বিষয়াৰ জৰিয়তে ধেমাজি জিলা আয়ুক্তলৈ প্ৰেৰণ কৰে৷