চতিয়াত অনৈতিক কাৰ্য-কলাপৰ বিৰুদ্ধে মহিলাৰ বিশাল প্ৰতিবাদ

চতিয়াত সংঘটিত হোৱা অনৈতিক কাৰ্য্য-কলাপৰ ঘটনাৰ উত্তেজনা আজিও অব্যাহত আছে ৷ বিশেষকৈ ১৭ জুনত চতিয়া আৰু নাগশংকৰৰ স্বাভিমানত কালিমা সানি সংঘটিত হৈছিল এক ঘটনা।

author-image
Asomiya Pratidin
New Update
bgcfj

ডিজিটেল সংবাদ, জামুগুৰিহাট : চতিয়াত সংঘটিত হোৱা অনৈতিক কাৰ্য্য-কলাপৰ ঘটনাৰ উত্তেজনা আজিও অব্যাহত আছে ৷ বিশেষকৈ ১৭ জুনত চতিয়া আৰু নাগশংকৰৰ স্বাভিমানত কালিমা সানি সংঘটিত হৈছিল এক ঘটনা।

উক্ত দিনা চতিয়া আৰক্ষীৰ অতৰ্কিত অভিযানত আটক হোৱা চতিয়াৰে লক্ষ্মীনাথ বেজবৰুৱাৰ পথৰ ঋতুমনি শইকীয়া নাথ আৰু ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত “মা ধাবা” খুলি দৰিদ্ৰ পৰিয়ালৰ সুন্দৰী যুৱতীক প্ৰলোভিত কৰি দেহ ব্যৱসায় চলোৱা ধাবাখনৰ স্বত্বাধিকাৰী হেমন্ত মেচৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে সমগ্ৰ অঞ্চলজুৰি দাবী উত্থাপতি হৈছে ৷ 

বুধবাৰে বিয়লি নাগশংকৰত হৈ যোৱা এক ৰাজহুৱা সভাত লোৱা তিনিটা দাবী সম্বলিত প্ৰস্তাৱ লৈ আজি প্ৰতিবাদত মুখৰ হৈ কপাই তোলে চতিয়াৰ আকাশ বতাহ ৷ প্ৰতিবাদকাৰীয়ে আজি উক্ত প্ৰস্তাৱ লৈ এক প্ৰতিবাদী মিছিল বাহিৰ কৰি নদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে জিলা উপায়ুক্তলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

jamugurihat