/asomiyapratidin/media/media_files/2024/12/13/1CQJCiijCEUXZ8kU6zSO.jpg)
ডিজিটেল সংবাদ,তিতাবৰঃ বন্য হস্তীৰ পৰা জনসাধাৰণক সুৰক্ষা দিয়াত ব্যৰ্থ হোৱা বন বিভাগৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু আদিবাসী ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ । অৰ্ধ শতাধিক পুৰুষ-মহিলাৰ প্ৰতিবাদে উত্তাল কৰিলে বন বিভাগৰ কাৰ্যালয় ।
বন বিভাগ কাম নাই, বন মন্ত্ৰী হুচিয়াৰ, অসম চৰকাৰ হায় হায় ইত্যাদি শ্লোগানেৰে প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে তিতাবৰৰ খণ্ড বিষয়াৰ কাৰ্যালয় ।
গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এজাক বৃহৎ হাতীৰ জাকে কেইবাবছৰ ধৰি তিতাবৰৰ বিভিন্ন অঞ্চলত উপদ্ৰৱ চলাই আহিছে । বন্য হস্তীৰ উপদ্ৰৱ ৰোধত ব্যৰ্থ হোৱা বাবে বন বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাই ।
উল্লেখ্য যে দুদিন আগতে এটা পোৱালিসহ তিনিটাকৈ হাতী তিতাবৰৰ ছামগুৰি কাৰহলিৰ অঞ্চলৰ এটা পুখুৰীত পৰি ঘণ্টাৰ পাছত ঘণ্টা ককবকাই থকাৰ পাছতো বন বিভাগৰ লোকে হাতী পোৱালীটোক উদ্ধাৰ কৰাত ব্যৰ্থ হৈ পৰাত পুখুৰীৰ পৰা ৰাইজে উদ্ধাৰ কৰিছিল হাতী পোৱালীটো । বন বিভাগে কোনো ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয়লোকে।
অন্যহাতে আঘাত প্ৰাপ্ত এটা হাতীৰ কোনো চিকিৎস্যা নকৰাত বন বিভাগৰ বিৰুদ্ধে এইদৰে গৰজি উঠিছে প্ৰতিবাদকাৰী সকলে । বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীক কেইবাটাও দাবী সম্বলিত স্মাৰক পত্ৰ পেৰণ সংগঠন দুয়োটাৰ ।