গোলাঘাটত মুখ্যমন্ত্ৰীৰ সভাস্থলীতে প্ৰতিবাদ একাংশৰ

শেষত জিলা উপায়ুক্তকে ধৰি প্ৰশাসনৰ অন্যান্য বিষয়াসকলক প্ৰতিবাদকাৰীৰ সমস্যাৰ ওপৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে মু্খ্যমন্ত্ৰীয়ে ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, গোলাঘাট: বিকাশৰ কথা কৈ মঞ্চত ভাষণ দিবলৈ লোৱা মুখ্যমন্ত্ৰীক ভাষণৰ মাজতেই তীব্ৰ প্ৰতিবাদ ক্ষোভিত ৰাইজৰ । বান সাহায্যৰ পৰা বঞ্চিত একাংশ লোকে প্ৰতিবাদ কৰে মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজতে।

Advertisment

হাতে হাতে প্লে'-কাৰ্ড লৈ আমাক ন্যায় লাগিবই বুলি চিঞৰি উঠে প্ৰতিবাদকাৰী সকলে। উপায়হীন হৈ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই গোলাঘাট জিলা প্ৰশাসনৰ লোকক প্ৰতিবাদকাৰী সকলৰ কাষলৈ যাবলৈ মঞ্চৰ পৰাই আহ্বান জনায়। সভাৰ শেষত প্ৰতিবাদকাৰীসকলৰ সৈতে কথা পাতে মুখ্যমন্ত্ৰীয় গৰাকীয়ে ।

শেষত জিলা উপায়ুক্তকে ধৰি প্ৰশাসনৰ অন্যান্য বিষয়াসকলক প্ৰতিবাদকাৰীৰ সমস্যাৰ ওপৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে মু্খ্যমন্ত্ৰীয়ে ।

প্ৰতিবাদ ড০ হিমন্ত বিশ্ব শৰ্মা