অনৈতিক কাৰ্য্য চলোৱা ফ্লাই অ’ভাৰ ল’জ বন্ধ কৰাৰ দাবীত ৰঙাপৰাত দল সংগঠনৰ প্ৰতিবাদ

প্ৰশাসনে ল’জখনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহন নকৰাত শুকুৰবাৰে দুপৰীয়া অসম জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদ, সদৌ অসম ছাত্ৰ সন্থা , অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু বীৰ লাচিত সেনাই সদস্যই ল’জখন বন্ধ কৰাৰ লগতে

author-image
Asomiya Pratidin
New Update
lodge

ডিজিটেল সংবাদ, জামুগুৰিহাট : দুদিন পূৰ্বে ৰঙাপৰাৰ ফ্লাই অ’ভাৰ ল’জৰ পৰা উদ্ধাৰ কৰা হৈছিল যুৱক- যুৱতীক ৷ অনৈতিক কাৰ্য্যৰ সৈতে জড়িত থকাৰ অভিযোগত ৰঙাপৰা আৰক্ষীয়ে দুজন যুৱক আৰু দুগৰাকী যুৱতীক উদ্ধাৰ কৰি থানালৈ লৈ গৈছিল  ৷ 

Advertisment

ইয়াৰ পাছতে জাঙুৰ খায় উঠিছিল ৰঙাপৰাৰ বিভিন্ন দল সংগঠন । ৰঙাপৰাৰ একাংশ দল সংগঠনৰ লগতে স্থানীয় ৰাইজে অতিশীঘ্ৰে ল’জখনৰ মালিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহনৰ দাবী জনোৱাৰ লগতে প্ৰশাসনক উক্ত ল’জখন বন্ধ কৰি দিবলৈ দাবী জনাইছিল ৷ 

কিন্তু প্ৰশাসনে ল’জখনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহন নকৰাত শুকুৰবাৰে দুপৰীয়া অসম জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদ, সদৌ অসম ছাত্ৰ সন্থা , অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু বীৰ লাচিত সেনাই সদস্যই ল’জখন বন্ধ কৰাৰ লগতে স্বত্বাধিকাৰীক আটক কৰাৰ দাবীত ল’জৰ সন্মুখতে এক প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহন কৰে ৷ ল’জখনৰ এনে অনৈতিক কাৰ্যকলাপৰ বাবে ৰঙাপৰাৰ শৈক্ষিক পৰিবেশৰ বিনষ্ট কৰাৰ অভিযোগ তোলে দল- সংগঠনে ৷

জামুগুৰিহাট