বালাজানত আৰক্ষী চকী ঘেৰাও কৰি ৰাইজৰ প্ৰতিবাদ

মঙলবাৰে নিশা ধুবুৰীৰ বালাজান আৰক্ষী চকীত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিদীপ ৰায়ৰ গুণ্ডাগিৰিত অতিষ্ঠ হৈ প্ৰতিবাদ সাৱ্যস্ত কৰে একাংশ ৰাইজে। 

author-image
Asomiya Pratidin
New Update
বালাজানত আৰক্ষী চকী ঘেৰাও কৰি ৰাইজৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, ধুবুৰী : মঙলবাৰে নিশা ধুবুৰীৰ বালাজান আৰক্ষী চকীত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিদীপ ৰায়ৰ গুণ্ডাগিৰিত অতিষ্ঠ হৈ প্ৰতিবাদ সাৱ্যস্ত কৰে একাংশ ৰাইজে। 

Advertisment

জানিব পৰা মতে উক্ত নিশা এগৰাকী নিৰীহ যুৱকক ঘৰৰ পৰা আৰক্ষীয়ে উঠাই নিয়া কাৰ্যত ক্ষুব্ধ হৈ পৰে ৰাইজ। উত্তেজিত ৰাইজে আৰক্ষী চকী ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। অভিযোগ অনুসৰি দালালৰ কথা মতে আৰক্ষী বিষয়া ৰিদীপ ৰায়ে নিৰীহ যুৱকক ঘৰৰ পৰা উঠাই নিয়ে।

অভিযোগ অনুসৰি, প্ৰথমে দালাল আজিজুৰ ৰহমান ওৰফে আজুৱে বতুৱাতুলি গাঁৱৰ মজিবৰ ৰহমান নামৰ ঘৰত প্ৰৱেশ কৰি নিৰীহ যুৱকজনক এক লাখ টকাৰ ধন দাবী কৰে। দাবী কৰা ধন নিদিয়াৰ বাবে আৰক্ষী বিষয়াৰে মিলি থানালৈ উঠাই আনে মজিবৰ ৰহমান আৰু আজিবৰ ৰহমান দুই ভাই-ককায়েকক।

আৰক্ষীৰ এই সমগ্ৰ কাণ্ডক লৈ স্থানীয় ৰাইজ ক্ষুব্ধ হৈ আৰক্ষী চকী ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজৰ এনে প্ৰতিবাদ দেখি নিৰীহ যুৱকক এৰি দিবলৈ বাধ্য হয় আৰক্ষী বিষয়াগৰাকী। 

ইফালে আৰক্ষী বিষয়া ৰিদীপ ৰায়ৰ শাস্তিৰ দাবীৰ লগতে ঘটনাৰ লগত জড়িত দালালৰূপী আজিজুৰ ৰহমান ওৰফে আজুক গ্ৰেপ্তাৰৰ দাবী তোলে ৰাইজে। কেৱল ইমানেই নহয়, ইয়াৰ পিছতে আৰক্ষী বিষয়া ৰিদীপ ৰায় আৰু দালাল আজিজুৰ ৰহমান ওৰফে আজুৰ বিৰুদ্ধে গোলোকগঞ্জ আৰক্ষী এখন এজাহাৰ দাখিল কৰে ৰাইজে। এতিয়া এজাহাৰৰ ভিত্তিত ধুবুৰীৰ আৰক্ষী অধীক্ষকে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় বিষয় হ’ব।

protest Assam police