/asomiyapratidin/media/media_files/2024/12/13/z26oMSA4pig3u2tlYbCu.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্য কঁপাই যোৱা যোগদল হত্যাকাণ্ডই আজি ১৫ বছৰ অতিক্ৰম কৰিলে। হৰকান্ত দলৈৰ ৬জনীয়া পৰিয়ালটিয়ে আজি পৰ্যন্ত ন্যায় নাপালে।
২০০৯ চনৰ ১২ ডিচেম্বৰৰ মাজ নিশা ঘৰত শুই থকা অৱস্থাত অতি নিৰ্মম ভাৱে হত্যা কৰা হৈছিল পৰিয়ালটোক। এই হত্যাকাণ্ডৰ সৈতে প্ৰাক্তন মন্ত্ৰী অকন বৰাৰ নাম জড়িত হৈ পৰিছিল।
সেয়েহে শুক্ৰবাৰে সোণাপুৰ নিউ মাৰ্কেটত অকন বৰাৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আন্ত: ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই। চি আই ডিয়ে ১৫ বছৰে তদন্ত কৰি দোষীক শাস্তি দিব নোৱাৰাৰ বাবে এই তদন্ত চিবিআইক হস্তান্তৰ কৰিবলৈ দাবী জনাই মুখ্যমন্ত্ৰীলৈ এক স্মাৰকপত্ৰও প্ৰেৰণ কৰে ছাত্ৰ সন্থাৰ দলটোৱে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us