জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত এন এইচ এম তথা, স্বাস্থ্য আৰু কাৰিকৰী কল্যান সন্থাৰ অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী

সোমবাৰে জিলা আয়ুক্ত কাৰ্যালয় চৌহত এনেদৰে প্ৰতিবাদী কাৰ্যসূচী তথা তিনিদিনীয়া কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ স্বাস্থ্য আৰু কাৰিকৰী কল্যান সন্থা ধেমাজি জিলা সমিতি আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সন্থা ধেমাজি জিলা সমিতিয়ে।

author-image
Asomiya Pratidin
New Update
121

ডিজিটেল সংবাদ, ধেমাজি : স্বাস্থ্য বিভাগৰ স্থায়ী পদত এন এইচ এমৰ কৰ্মচাৰীক নিযুক্তি দিয়ক, কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰক, ক'ভিড যোদ্ধাক প্ৰতাৰণা নকৰিব, আমাৰ দাবী মানি লওক, সপ্তম দৰমহা আয়োগ মতে পে' স্কেল প্ৰদান কৰক, উই ৱান্ট জাষ্টটিছ, সম কামৰ সম দৰমহা দিয়ক আদি দাবীৰে মুখৰিত হৈ পৰিল ধেমাজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমুখ। 

WhatsApp Image 2025-11-03 at 8.42.33 PM

সোমবাৰে জিলা আয়ুক্ত কাৰ্যালয় চৌহত এনেদৰে প্ৰতিবাদী কাৰ্যসূচী তথা তিনিদিনীয়া কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ স্বাস্থ্য আৰু কাৰিকৰী কল্যান সন্থা ধেমাজি জিলা সমিতি আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সন্থা ধেমাজি জিলা সমিতিয়ে। সংগঠন দুটাৰ যৌথ উদ্যোগত সোমবাৰৰ পৰা তিনিদিনীয়াকৈ কৰ্মবিৰতি ও অৱস্থান ধৰ্মঘট আৰম্ভণি হৈছে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমুখত ৷ 

WhatsApp Image 2025-11-03 at 8.44.34 PM

পুৱা ৯ বজাৰ পৰা বিয়লি ৩.৩০ বজালৈকে জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত অনুষ্ঠিত হোৱা অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত দুয়োটা সংগঠনৰ পাঁচ শতাধিক কৰ্মচাৰীয়ে হাতে হাতে বেনাৰ, পোষ্টাৰ, প্লে'কাৰ্ড লৈ প্ৰতিবাদ জনাই তেওঁলোকৰ সমস্যাসমূহ শীঘ্ৰেই পূৰণ কৰাৰ দাবী তোলে ৷ এই আন্দোলনৰ ফলত আজি প্ৰথম দিনাই স্বাস্থ্য বিভাগৰ কাৰ্য্যালয়ৰ লগতে চিকিৎসালয়সমূহত অচলাৱস্থাৰ সৃষ্টি হৈছে ৷ 

WhatsApp Image 2025-11-03 at 8.42.32 PM

ধেমাজি জিলাৰ সদৌ স্বাস্থ্য আৰু কাৰিকৰী কল্যান সন্থাৰ ধেমাজি জিলা সমিতিৰ সভাপতি ড° নবীন কলিতা, সম্পাদক দেৱজিৎ গগৈ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সন্থাৰ ধেমাজি জিলা সমিতিৰ সভাপতি দেৱ কাকতি আৰু সম্পাদক পাপু শৰ্মাই আজি প্ৰথম দিনা ধৰ্মঘট কাৰ্য্যসূচীত সকলো কৰ্মচাৰীয়ে আহি বিপুল সহযোগিতা  আগবঢ়োৱাৰ দৰে অন্য দুদিন ধৰ্মঘট কাৰ্য্যসূচীতো সহযোগিতা আগবঢ়াবলৈ সকলোলৈকে আহবান জনায় ৷

ধেমাজি