/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/80e30c3f-6d09-4c16-bf36-29b0eab047c6/protest.jpg)
ডিজিটেল সংবাদ, চিৰাং : এবিএমছুৰ প্ৰয়াত সভাপতি ছহিদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰা, ৰাজ্যত জেহাদী কাৰ্য্যকলাপ ৰোধ কৰাৰ লগতে সামান্তৰাল ভাবে জেহাদীৰ নামত ধৰ্মীয় সংখ্যালঘুৰ ওপৰত হাৰাশাস্তি বন্ধ কৰা ভূমিহীন লোকক ভূমিপট্টা প্ৰদান কৰা, অমানৱীয় উচ্ছেদ অভিযান বন্ধ কৰা, ছাত্ৰ-ছাত্ৰী অনুপাতে বিদ্যালয় সমূহত শিক্ষক নিযুক্তি তথা বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত কৰা, বিটিচি অঞ্চলত সংখ্যালঘু উন্নয়ন বোৰ্ড গঠন কৰা, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা, বিটিচি অঞ্চলৰ অপ্ৰাদেশীকৃত বিদ্যালয় সমূহ প্ৰাদেশীকৰণ কৰা আদি কৰি কেইবা দফীয়া দাবী উত্থাপন কৰি সদৌ বিটিচি সংখ্যালঘু ছাত্র সন্থা চমুকৈ এবিএমছু ৰ চিৰাং আৰু বিজনী জিলা সমিতিৰ প্ৰায় দুই শতাধিক সদস্যই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ আজিৰ অবস্থান ধৰ্মঘট কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় সাধাৰণ সম্পাদক আবু জুবেইৰে এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ ইতিমধ্যেই চাৰি বছৰ ওকলি গল কিন্তু আজিলৈকে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰাৰ বাবে বিটিচি প্ৰধান প্ৰমোদ বড়ো আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তীব্ৰ সমালোচনা কৰে ।শেষতীয়াকৈ ৰাজ্যত জেহাদীৰ সন্দৰ্ভত ছাত্ৰ নেতা জনে কয় যে জেহাদী বা সন্ত্ৰাসবাদী কাৰ্য্যকলাপৰ সৈতে জড়িত লোক সকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰক এবিএমছু য়ে সহযোগ কৰিব কিন্তু জেহাদীৰ দমনৰ নামত ধৰ্মীয় সংখ্যালঘু ৰাইজক হাৰাশাস্তি কৰা আৰু ধৰ্মীয় শিক্ষানুষ্ঠান ধ্বংস কৰা কাৰ্য্য কেতিয়া মানি লব নোৱাৰি বুলি মন্তব্য কৰে ।
তদুপৰি চৰকাৰী ভূমি দখল কৰি যদি বসবাস কৰা লোক সকলক উচ্ছেদ কৰক কিন্তু তাৰ আগতে ভূমিহীন ভাৰতীয় লোকক পুনঃসস্থাপনৰ ব্যবস্থা চৰকাৰে দিব লাগে বুলি মন্তব্য কৰে । অবস্থান ধৰ্মঘট কাৰ্য্যসূচীৰ অন্তত এবিএমছুৰ ফালৰ পৰা জিলা উপায়ুক্তৰ জৰিয়তে ৯ দফীয়া দাবী সম্পন্ন এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us